শালি খেতিৰ বতৰ: জোনাইৰ বোকাময় পথাৰত ভূঁই ৰোৱাত ব্যস্ত জাক জাক ৰোৱনী - Paddy Cultivation - PADDY CULTIVATION
🎬 Watch Now: Feature Video
Published : Jul 9, 2024, 10:17 AM IST
জোনাই, 9 জুলাই : এতিয়া আহাৰ মাহ । আহাৰ মাহ মানেই কৃষিপ্ৰধান অসমৰ শালি ধানৰ খেতিৰ বতৰ । অসমীয়াৰ চহা জীৱনৰ জীপাল পথাৰত সেউজীয়া সোণোৱালী সপোন ৰচাৰ বতৰ । আহৰি নাই গাঁৱৰ জীয়াৰী-বোৱাৰীৰো । সপোনৰ কঠীয়া গুজি দি ৰোৱনীও এতিয়া ব্যস্ত বোকাময় পথাৰত । পথাৰত আলি দিয়া, কঠীয়া তোলা, মৈ দিয়া আদি বিৰামহীন কামৰ মাজত ব্যস্ত হৈ পৰিছে গ্ৰামঞ্চলৰ ডেকা-বুঢ়া ।
ভৰ দুপৰীয়ালৈকে কপালৰ ঘাম মাটিত পেলাই চহ কৰা পথাৰত ভূঁই ৰোৱাত ব্যস্ত হৈ পৰিছে জাক-জাক ৰোৱনী । কোনোবাজনীৰ মুখত আকৌ নিগৰিছে ঐনিঃতমৰ কলি । মাজতে আকৌ হাঁচতিত বান্ধি নিয়া তামোল উলিয়াই মুখত লৈছে কোনোবাজনীয়ে । ৰ'দ-বৰষুণলৈ ভ্ৰুক্ষেপ নাই এইসকলৰ । কাৰণ খেতিয়েই যে এইসকলৰ চহা কৃষকৰ জীৱিকাৰ একমাত্ৰ সম্বল ।
ইফালে আধুনিকতাৰ ধামখুমীয়া আৰু যান্ত্ৰিকতাৰ কৰাল গ্ৰাসত পৰি ক্ৰমাৎ হেৰাই যাব ধৰিছে অসমীয়া চহা গ্ৰাম্য জীৱনৰ লগত ওতঃপোতভাৱে জড়িত নাঙল-মাটি-মানুহৰ সম্পৰ্ক । পৰিৱৰ্তনৰ ধামখুমীয়াত পথাৰত নতুন প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ পৰিছে । অৱশ্যে সকলোৰে আশা মূৰৰ ঘাম মাটিত পেলাই চহ কৰা কেঁচা মাটিত সৃষ্টি হ'ব সোণোৱালী সপোনৰ আগৰ উদ্দীপনা । এই বছৰ আকৌ ধানেৰে চহকী হ’ব ভঁৰাল ।
লগতে পঢ়ক : আহাৰমহীয়া বানে ভাগিলে কৃষকৰ সপোন - Assam Flood 2024