thumbnail

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 6:13 PM IST

ETV Bharat / Videos

বৰপেটাত বেকী নদীৰ খহনীয়া পৰিদৰ্শন জাইকাৰ প্ৰতিনিধি দলৰ - Assam flood 2024

বৰপেটা, ১৯ জুলাই : জাপান ইণ্টাৰনেচনেল কো-অপাৰেচন এজেঞ্চী চমুকৈ জাইকাৰ এটা প্ৰতিনিধি দলে শুকুৰবাৰে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অধীনৰ কৰাৰকুৰত বেকী নদীৰ খহনীয়া পৰিদৰ্শন কৰে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তত্ত্বাৱধানত অঞ্চলটোত উপস্থিত হোৱা দলটোৱে খহনীয়া প্ৰতিৰোধৰ বাবে ৰূপায়ণ কৰা ব্যৱস্থাও পৰ্যবেক্ষণ কৰে ।

উল্লেখ্য যে বেকী নদীৰ ভয়াৱহ খহনীয়াৰ বাবে বঙাইগাঁও জিলাৰ টুলুঙীয়াৰ পৰা কামৰূপৰ আমিনগাঁও সংযোগী দুই নম্বৰ ৰাজ্যিক ঘাইপথটোৰ বৃহৎ ক্ষতিসাধন হৈছে । বিশেষকৈ কৰাৰকুৰত পথটো মাজঅংশলৈকে খহনীয়াৰ কবলত পৰিছে ।‌ ফলত সাধাৰণ মেৰামতি কৰি পথটোৰে লঘু যান-বাহনৰ চলাচলত অনুমতি দিয়া হৈছে । তথাপি পথটো যথেষ্ট স্পৰ্শকাতৰ অৱস্থাত আছে ।

জাইকাৰ প্ৰতিনিধি দলটোৰ এই পৰিদৰ্শনৰ সন্দৰ্ভত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প প্ৰবন্ধক মুক্তাৰাম ডেকাই কয় যে ভাৰত চৰকাৰ আৰু জাইকাৰ মাজত এক বুজাবুজি চুক্তি আছে । সেই অনুসৰি আই আই টি গুৱাহাটীৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণসমূহক অধিক শক্তিশালী কৰাৰ কাম চলি আছে । অসমত সেই উদ্দেশ্যৰে জাইকাৰ প্ৰতিনিধি দলটোৱে ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোত থকা দুৰ্বলতাসমূহ আঁতৰাই শক্তিশালীকৰণৰ কাম অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :জাঁজীত ভয়ংকৰ খহনীয়া;আতংকিত নৈপৰীয়া - Erosion in Amguri
লগতে পঢ়ক :উন্নত হৈছে বুঢ়া চাপৰিৰ বান পৰিস্থিতি: পুনৰ ঘূৰি আহিছে বন্য জীৱ-জন্তু - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.