জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত পুৰণিগুদামৰ মহিলা - JAPANESE ENCEPHALITIS

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 3:56 PM IST

thumbnail
জাপানীজ এনকেফেলাইটিছ আতংক (ETV Bharat Assam)

চামগুৰি, ২২ জুলাই : ৰাজ্য়ত এতিয়া জাপানীজ এনকেফেলাইটিছৰ আতংক । বান বিভীষিকাৰ পিচতেই নগাঁও জিলাৰ পুৰণিগুদামত প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছৰ । জিলাখনৰ পুৰণিগুদামৰ গণকাআটী-হাতীগাৱঁৰ এগৰাকী মহিলা আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত । এই ৰোগত আক্ৰান্ত মহিলাগৰাকী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ।  

ইয়াৰ পিচতেই চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মীসকলে ততাতৈয়াকৈ গাঁওখনত উপস্থিত হৈ আক্ৰান্ত মহিলাগৰাকীৰ প্ৰতিবেশীসকলৰ ঘৰে-ঘৰে গৈ তেজৰ নমুনা সংগ্ৰহ কৰে । তদুপৰি এই গাঁওখনত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে । লগতে ইয়াৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ প্ৰয়াসো অব্যাহত ৰাখিছে স্বাস্থ্য বিভাগ । এই ৰোগবিধক লৈ এতিয়া বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:কাৰ্বি আংলঙত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ছয় - JAPANESE ENCEPHALITIS

জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহতা: জোনাইত আক্ৰন্ত ৬ জন - Japanese Encephalitis Outbreak

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.