জখলাবন্ধা আৰক্ষীৰ জিম্মাত তিনি মাটিৰ দালাল

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 10:33 AM IST

thumbnail

কলিয়াবৰ, ১ মাৰ্চ : ৰাজ্যজুৰি মাটিৰ দালাল আৰু সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষীৰ ৷ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পিচতেই আৰু অধিক সৰৱ হৈ পৰিছে অসম আৰক্ষী ৷ ইতিমধ্যে অসমৰ বিভিন্ন স্থানৰ মাটিৰ দালাল আৰু সুদখোৰ আৰক্ষীৰ লকআপৰ আলহী হৈছে ।

ইয়াৰ মাজতে বৃহস্পতিবাৰে জখলাবন্ধা আৰক্ষীয়ে মাটিৰ দালালী কৰাৰ অভিযোগত আটক কৰে তিনিজন লোকক । জখলাবন্ধা আৰক্ষী নিৱেশ এলেকাৰ পৰা আটক কৰে বিপুল সন্দিকৈ, পাপু কলিতা আৰু পংকজ ফুকন নামৰ তিনি অভিযুক্ত দালালক ৷

সম্প্ৰতি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি), ৪২০, ৪০৬, ৫০৬ আৰু ৩৪ ৰ অধীনত ১৭/২০২৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰি তিনি অভিযুক্তৰ বিৰুদ্ধে ৷ জিতুমণি বৰা আৰু ৰন্টু শইকীয়া নামৰ দুজন লোকৰ এজাহাৰৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰা হয় ৷

লগতে পঢ়ক: অবৈধভাৱে চলাচল কৰা বহিঃৰাজ্যৰ ডাম্পাৰ, ট্ৰাকৰ বিৰুদ্ধে বিশ্বনাথত পৰিবহণ বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.