নাৰীক সুৰক্ষা প্ৰদানৰ দাবীত লখিমপুৰত জাগৃত নাৰী শক্তি সমিতিৰ প্ৰতিবাদ - Jagrit Nari Shakti Samiti

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 2:00 PM IST

thumbnail
নাৰী নিগ্ৰহৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ (ETV Bharat Assam)

লখিমপুৰ, 21 জুন: ক্ৰমবৰ্ধমান নাৰী নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে শুকুৰবাৰে লখিমপুৰত জাগৃত নাৰী শক্তি সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । সমিতিৰ লখিমপুৰ আৰু ধেমাজি জিলা সমিতিৰ শতাধিক মহিলাই লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রৰ পৰা প্ৰতিবাদী সমদল উলিয়াই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমুখত ধৰ্ণা দিয়ে । নাৰী নিৰ্যাতন বন্ধ কৰক, নাৰী হত্যা বন্ধ কৰক, নাৰীক জীয়াই থকাৰ অধিকাৰ দিয়ক, পৰকীয়া প্ৰেম বন্ধ কৰক আদি শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ।

প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্র প্ৰেৰণ কৰি নাৰী হত্যা ৰোধ, হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ লগতে সামাজিক মাধ্যমত অশালীন ৰীলচ বনোৱা নাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায় । সমিতিয়ে শেহতীয়াকৈ হত্যাৰ বলি হোৱা গীতাশ্ৰী দত্ত, কুঁহি গগৈ, তৰালী কোচ, জোনাকী বৰা, দেৱলীনা সোণোৱাল, অৱন্তি দাস, পংখী সন্দিকৈ আদিৰ নাম উল্লেখ কৰি হত্যাকাৰীৰ শাস্তি দাবী কৰে । 

এই প্ৰতিবাদী কাৰ্যসূচীত জাগৃত নাৰী শক্তি সমিতিৰ সভানেত্রী ৰশ্মিৰেখা দলে, সম্পাদিকা মানসী ৰাজখোৱাসহ শতাধিক মহিলাই অংশগ্রহণ কৰে ।

লগতে পঢ়ক: মহিলা চিকিৎসকক যৌন নিৰ্যাতন: গ্ৰেপ্তাৰ কাৰাধ্যক্ষ - Golaghat district jail

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.