ইতিহাস থিয়েটাৰে কেৱল ব্যৱসায়ক গুৰুত্ব দিছে, বুৰঞ্জীক নহয় : তাই আহোম ছাত্ৰ সন্থা - Jatin Bora controversy

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 3:34 PM IST

thumbnail
বুৰঞ্জী বিকৃতকৰণ সন্দৰ্ভত তাই আহোম ছাত্ৰ সন্থা (ETV Bharat Assam)

তিনিচুকীয়া, ৪ জুলাই : কিছুদিন বিৰতিৰ পিচত পুনৰ বিতৰ্কৰ আওতালৈ আহিল অভিনেতা তথা বিজেপি নেতা যতীন বৰা ৷ আগন্তুক নাট্যবৰ্ষৰ জৰিয়তে পুনৰ ভ্ৰাম্যমাণ থিয়েটাৰত ভুমুকি মাৰিবলগীয়া অভিনেতাগৰাকী এইবাৰ প’ষ্টাৰ বিতৰ্কত সোমাই পৰিছে ৷ য’ত বীৰ লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থাই ৷ বৃহস্পতিবাৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাঁয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷ নেতাগৰাকীয়ে কয়, ‘‘ইতিহাস থিয়েটাৰে মহাবীৰ লাচিত বৰফুকন বিষয়ত এখন নাটক মঞ্চস্থ কৰিবলৈ বিচৰাটো আদৰণি জনাইছো ৷ কিন্তু ইতিহাসৰ বীৰগৰাকীক বিকৃত ৰূপত চিনাকি কৰাই দিয়াটো তাই আহোম ছাত্ৰ সন্থাই নিবিচাৰো ৷ কোনো লোকেই নিবিচাৰে ৷ কিন্তু ইতিহাস থিয়েটাৰৰ প’ষ্টাৰখনত আহোমৰ ৰাতি-নীতি, সাজ-পোচাক প্ৰতিফলিত হোৱা নাই ৷ থিয়েটাৰখনৰ কৰ্তৃপক্ষই বুৰঞ্জীক গুৰুত্ব নিদি কেৱল ব্যৱসায়ক গুৰুত্ব দিছে ৷ ’’

উল্লেখ্য যে ইতিহাস থিয়েটাৰে আগন্তুক নাট্যবৰ্ষৰ বাবে সাজু কৰিছে ‘মহাবীৰ লাচিত’ শীৰ্ষক এখন নাটক ৷ নাটকখনত বীৰ লাচিতৰ চৰিত্ৰত অভিনয় কৰিবলৈ গৈ অভিনেতা যতীন বৰাই পৰিধান কৰা সাঁজ-পোচাকে বিতৰ্কৰ সৃষ্টি কৰিছে ৷ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে আহ্বান জনাই যে অভিনেতা যতীন বৰাৰ লগতে প্ৰযোজকে যাতে বিকৃত ৰূপত বীৰগৰাকীক উপস্থাপন নকৰে ।

লগতে পঢ়ক: প'ষ্টাৰতে লাগিল কেনা : নাট্যবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত যতীন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.