মন্দিৰ চৌহদত বলবমত জব্দ কৰা নিচাজাতীয় সামগ্ৰী দাহন - Drugs Disposal In Guwahati

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 12:36 PM IST

thumbnail
মহানগৰীৰ বশিষ্ঠ মন্দিৰ (ETV Bharat Assam)

গুৱাহাটী, ৯ ছেপ্টেম্বৰ : মহানগৰীৰ বশিষ্ঠ মন্দিৰ চৌহদত দেওবাৰে দাহন কৰা হয় ড্ৰাগছ আৰু গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী‌ । লগতে নষ্ট কৰি পেলোৱা হয় শতাধিক বিলাতী সুৰাৰ বটল । ব’লব’ম উৎসৱৰ সময়ত জব্দ কৰা হৈছিল এইসমূহ নিষিদ্ধ সামগ্ৰী । ব’লব’ম পৰিচালনা সমিতি, বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতি, যুৱ ঐক্য়মঞ্চ, বশিষ্ঠ প্ৰেছ ক্লাৱৰ লগতে বিভিন্ন দল-সংগঠনৰ উদ্যোগত ৰাজহুৱাকৈ দাহ কৰা হয় এইসমূহ নিষিদ্ধ সামগ্ৰী ।  

উল্লেখ্য যে, পবিত্ৰ শাওন মাহত ব’লব’ম ৰাজ্যৰ আন ঠাইৰ লগতে বশিষ্ঠ আশ্ৰমতো পালন কৰা হৈছিল । এইবাৰো ব’লব’মত বশিষ্ঠ আশ্ৰমত একাংশ দুষ্টচক্ৰৰ পৰা উদ্ধাৰ কৰা হয় ড্ৰাগছ, সুৰা, গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী । লক্ষণীয় বিষয় যে এইবাৰৰ ব’লব’মত নিশা হাতে হাতে নিচাজাতীয় সামগ্ৰী‌ৰ লগতে চোকা অস্ত্ৰ লৈ মন্দিৰ চৌহদত প্ৰৱেশৰ চেষ্টা কৰিছিল ভক্তৰ ৰূপত অহা নিচাসক্ত একাংশ যুৱকে ।

ব’লব’ম পৰিচালনা সমিতি, বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতি, যুৱ ঐকমঞ্চ, বশিষ্ঠ প্ৰেছ ক্লাৱৰ লগতে বিভিন্ন দল-সংগঠনৰ উদ্যোগত ব’লব‘মত জব্দ হয় এই নিচা জাতীয় সামগ্ৰী । জব্দকৃত এই নিচাযুক্ত সামগ্ৰীসমূহ কালি ৰাইজৰ উপস্থিতিত বশিষ্ঠ মন্দিৰ প্ৰাংগনতেই দাহন কৰা হয় । ইয়াৰ উপৰি জব্দকৃত বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ-শস্ত্রও এই কাৰ্যসূচীতে নষ্ট কৰে ।

লগতে পঢ়ক:অসম-নাগালেণ্ড সীমান্তত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ: দুজনক আটক - Anti Drugs operation

টীয়কত বৃহৎ পৰিমাণৰ নিষিদ্ধ লালী গুৰ নষ্ট - Lali Gur destroyed in Teok

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.