thumbnail

By ETV Bharat Assamese Team

Published : May 11, 2024, 2:27 PM IST

ETV Bharat / Videos

পিতৃয়েই প্ৰশিক্ষক; কন্যাই আকাশ স্পৰ্শ কৰাৰ সপোন নেদেখিবই বা কিয় - ASSAM HS RESULT 2024

আমগুৰি, ১১ মে’ : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আন্তঃৰাষ্ট্ৰীয় এগৰাকী খেলুৱৈ ৷ নাম এথেনা চেতিয়া, উশ্বু-কিক বক্সিং-কুংফু কিহত পাৰ্গত নহয় এথেনা ৷ এথেনা চেতিয়াই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

নামতিৰ নিপেন চেতিয়াৰ কন্যা এথেনা ৫ বছৰ বয়সৰ পৰাই খেলৰ লগত জড়িত । পিতৃৰ পদাংক অনুসৰণ কৰি এথেনাই লাভ কৰিছে ইটোৰ পাচত সিটো সাফল্য ৷ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৫ টা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে এথেনা ।

এথেনা চেতিয়াই ২০১৫ চনত উশ্বু-কুংফুত সোণৰ পদক, ২০১৬ চনত কিক বক্সিংত সোণৰ পদক, ২০১৭ চনত ধাৰাবাহিকভাৱে তিনিবাৰকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ লগতে আৰু বহু সপোন পুহি ৰখা এথেনা চেতিয়াই সমৰ কলাতো নিজকে প্ৰতিষ্ঠা কৰাৰ ইচ্ছা প্ৰকাশ কৰে ।

লগতে পঢ়ক : আৰুণি কাশ্যপলৈ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ - Radcliffe Institute Fellowship

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.