সংসদৰ পৰা বিত্ত মন্ত্ৰীৰ বাজেট ভাষণ LIVE

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 11:03 AM IST

Updated : Feb 1, 2024, 12:04 PM IST

thumbnail

নিউজ ডেস্ক, 1 ফ্ৰেব্ৰুৱাৰী : আজি সংসদত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ ইয়াৰে সৈতে ষষ্ঠবাৰৰ বাবে সংসদত বাজেট দাখিল কৰা বিত্তমন্ত্ৰী হিচাপে পৰিগণিত হ’ল সীতাৰমণ ৷ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায়েও সংসদত ষষ্ঠবাৰৰ বাবে বাজেট দাখিল কৰিছিল ৷

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ বাবে আগন্তুক বিত্তীয় বৰ্ষৰ চাৰিমাহৰ বাবে সংসদত অন্তৱৰ্তীকালীন বাজেট আজি দাখিল কৰিছে বিত্তমন্ত্ৰীয়ে ৷ আনহাতে, এপ্ৰিল বা মে'ৰ সাধাৰণ নিৰ্বাচনৰ পাচত নিৰ্বাচিত এখন নতুন চৰকাৰে সংসদত পূৰ্ণাংগ বাজেট দাখিল কৰিব ৷ 

এই অন্তৱৰ্তীকালীন বাজেটত মহিলা সুৰক্ষাৰ লগতে অৰ্থনীতি আৰু কৃষকৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে ৷ 

লগতে পঢ়ক : আজি 2024 বৰ্ষৰ বাবে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে 

Last Updated : Feb 1, 2024, 12:04 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.