পত্নীক হত্যা কৰি সংবাদ মাধ্যমৰ আগত অকপট স্বীকাৰোক্তি অভিযুক্ত ঘাতকৰ - Extra marital affairs - EXTRA MARITAL AFFAIRS
🎬 Watch Now: Feature Video
Published : Mar 23, 2024, 2:29 PM IST
বিলাসীপাৰা, 23 মাৰ্চ : বিলাসীপাৰাত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি । পৰকীয়া প্ৰেম কৰাৰ বাবেই স্বামীয়ে হত্যা কৰিলে নিজ পত্নীক । বিলাসীপাৰাৰ হাকামা 9 নম্বৰ ৱাৰ্ডত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ।
উল্লেখ্য যে, হাকামৰ বাসিন্দা সুৰজিৎ ৰায়ে কৰ্মসূত্ৰে বাহিৰত থকাৰ সুযোগ গ্ৰহণ কৰি পৰকীয়া প্ৰেমত লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈছে মৃত পত্নী মন্দিৰা নাথৰ বিৰুদ্ধে । এই সম্পৰ্কে জ্ঞাত হৈ এবাৰ-দুবাৰ নহয়, তিনিবাৰকৈ পত্নী মন্দিৰা নাথক স্বামী সুৰজিৎ নাথে ক্ষমা কৰি দিছিল বুলি অভিযুক্ত স্বামীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।
ইমানৰ পিচতো পত্নী মন্দিৰা নাথ সংশোধন নোহোৱাত খঙত অগ্নিশৰ্মা হৈ স্বামী সুৰজিৎ ৰায়ে পত্নী মন্দিৰা নাথক হত্যা কৰে বুলি নিজ মুখে উল্লেখ কৰে সুৰজিৎ ৰায়ে । পত্নীক হত্যা কৰি সুৰজিৎ ৰায়ে বিলাসীপাৰা আৰক্ষীৰ ওচৰত ইতিমধ্যে আত্মসমৰ্পণ কৰিছে ।
অভিযুক্ত ৰায়ে সংবাদ মাধ্যমৰ আগত কয়, "আজি মই হাঁহি আছো । মোৰ কিযে ভাল লাগিছে আজি ! লাগিলে মোৰ ফাঁচি হওঁক কোনো আপত্তি নাই ।" ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক : যৌতুকত আধা বিঘা ভূমি নহ’লে ই-ৰিক্সা লাগে স্বামীক; নিৰ্যাতন সহিব নোৱাৰি মহিলাৰ আত্মাহনন