যোৰহাট ৫ জুলাই : অসমৰ চতুৰ্থ নগৰ হিচাপে মৰিয়নীত শুক্ৰবাৰে মানৱ মল নিষ্কাষণ আৰু পৰিশোধন প্ৰকল্প উদ্বোধন কৰা হয় । মৰিয়নী নগৰত এই প্ৰকল্পটো উদ্ধোধন কৰে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে ।অসমৰ চতুৰ্থ নগৰ হিচাপে এফ এছ টি পি লাভ কৰে মৰিয়নী পৌৰসভাই । মৰিয়নী পৌৰসভাৰ দুই নং ৱাৰ্ডৰ ভোগদৈ নৈৰ পাৰত ৭৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰকল্পটোত দৈনিক পাঁচ হাজাৰ লিটাৰ মানৱ মল নিষ্কাষণ আৰু পৰিশোধন কৰিব পৰা যাব ।এই প্ৰকল্প উদ্ধোধন কৰি মন্ত্ৰী অশোক সিংহলে কয় যে প্ৰকল্পটোৰ জৰিয়তে মৰিয়নী নগৰখনক পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । লগতে বৈজ্ঞানিক পদ্ধতিৰে জাৱৰ নিষ্কাষণ প্ৰক্ৰিয়া সমগ্ৰ ৰাজ্যত কাৰ্যকৰী হব বুলি তেওঁ কয় । এই উপলক্ষে মৰিয়নী নগৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকে ।লগতে পঢ়ক:বাক্সাৰ ঘাইপথত বিষাক্ত পাৰ্থেনিয়াম; সাৱধানতা অৱলম্বনৰ আহ্বান প্ৰকৃতিপ্ৰেমীৰ - Poisonous Weed Partheniumপৌৰ নিগমৰ যানশালাত উৱলিছে কোটি টকাৰ সামগ্ৰী - Guwahati Municipal Corporation