এম্বুলেঞ্চত দুই কোটিতকৈ অধিক মূল্যৰ হেৰ'ইন জব্দ, গ্ৰেপ্তাৰ সৰবৰাহকাৰী - Anti Drugs Mission

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 9:41 PM IST

thumbnail
গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী (ETV Bharat Assam)

ডিফু, ১০ আগষ্ট : কাৰ্বি আংলং জিলাৰ বোকাজানৰ খটখটীত পুনৰ জব্দ বৃহৎ পৰিমানৰ ড্ৰাগছ । খটখটীত আৰক্ষীৰ তালাচীত শনিবাৰে দিনৰ তিনি বজাত ৰোগী কঢ়িওৱা এম্বুলেঞ্চৰ পৰা উদ্ধাৰ হয় ২ কোটিতকৈও অধিক মূল্যৰ হেৰ'ইন ৷ বোকাজান মহকুমা আৰক্ষী আৰু খটখটী থানাৰ আৰক্ষীৰ সহযোগত খটখটী এছ বি আই বেংকৰ সন্মুখত জব্দ কৰা হয় এই ড্ৰাগছখিনি ৷

উল্লেখ্য় যে মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা MN 06 LX 1916 নম্বৰৰ এম্বুলেঞ্চত আৰক্ষীয়ে অভিযান চলাই বাহনখনৰ বনেটত কৌশলৰে লুকুৱাই অনা ২৩ টা চাবোনৰ বাকচত ২৬৫ গ্ৰাম হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰৰ ইম্ফলৰ ছানথেল মাখালেইকেইৰ আব্দুল ৰছিদৰ পুত্ৰ ছিৰাজক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:কৰিমগঞ্জত ১১৫ কোটি টকাৰ ড্ৰাগছ জব্দ : আটক ৪ সৰবৰাহকাৰী - Anti Drugs Mission

তিনিচুকীয়াত ড্ৰাগছসহ আৰক্ষীৰ জালত 2 - Operation against drugs in Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.