নিমাতীঘাটত লুইতৰ বুকুত প্ৰত্যক্ষ বন্যহস্তীৰ জাক, আতংকিত জনসাধাৰণ - Wild Elephant Menace
🎬 Watch Now: Feature Video
যোৰহাট, 21 জুন: যোৰহাটৰ নিমাতীঘাটত দেখা গৈছে বন্যহস্তীৰ এটা বৃহৎ জাক ৷ লুইতৰ সমীপৰ কঁহুৱা চাপৰিত আশ্ৰয় লৈ থকা বৃহৎ বন্যহস্তীৰ জাকটোত 150-200 লৈ আছে হাতী ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিছত হাতীৰ বৃহৎ জাকটোৱে এনেদৰে উজাই আহি জনাঞ্চলত প্ৰৱেশ কৰাৰ অনুমান কৰা হৈছে ৷
অৱশ্যে এই জাকটোক দেখি আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ হাতীৰ জাকটোৰ জনাঞ্চলত প্ৰৱেশৰ অন্যতম কাৰণ হিচাপে তীব্ৰ খাদ্য সংকট বুলিও অনুমান কৰিছে স্থানীয় লোকসকলে ৷ তাৎপৰ্যপূৰ্ণভাৱে জাকটোৰ মাজৰে এটা পোৱালীয়ে ভৰিত আঘাত পোৱাৰ পিছত তাক লৈ জাকটো অন্য স্থানলৈ গৈছিল যদিও পৰৱৰ্তী সময়ত পুনৰ একেটা স্থানলৈ গতি কৰে ৷
বনৰীয়া হাতীৰ বৃহৎ জাকটোক প্ৰত্যক্ষ কৰাৰ পিছৰে পৰা নৈপৰীয়া ৰাইজে একপ্ৰকাৰ আতংকত পাৰ কৰিছে দিন-ৰাতি ৷ কাৰণ কোন মুহূৰ্তত জাকটো আহি ঘৰৰ বয়বস্তু লণ্ড-ভণ্ড কৰে, তাৰ কোনো ঠিকনা নাই ৷ অৱশ্যে হাতীৰ জাকটো প্ৰৱেশ কৰা অঞ্চলটোত উপস্থিত হয় জিলা বন বিভাগৰ এটা দল ৷
লগতে পঢ়ক: বন্যহস্তীৰ জলকেলিয়ে মুহিছে মাজুলীবাসীক - Wild Elephant Menace