নলবাৰীত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ ৮৮১৬ গৰাকী পৰীক্ষাৰ্থী - উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 6:55 AM IST

নলবাৰী, ১৩ ফেব্ৰুৱাৰী: সোমবাৰৰ পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা ৷ ৰাজ্য়ৰ আন জিলাৰ দৰে নলবাৰীতো প্ৰথম দিনা সুকলমে অনুষ্ঠিত হয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা । নলবাৰীত ৩৩ টা কেন্দ্ৰত এইবাৰ সৰ্বমুঠ ৮৮১৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে । ইয়াৰে কলা শাখাত ৬৮৩৭ গৰাকী, বিজ্ঞান শাখাত ১৬৯৪ গৰাকী আৰু বাণিজ্য শাখাত ২৪৮ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷

ইয়াৰ উপৰি বৃত্তিমুখী শাখাত ৩৮ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে । ছাত্ৰ-ছাত্ৰীসকলে যাতে কোনো অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰবাবেও কৰা হৈছে বিশেষ ব্যৱস্থা । পৰীক্ষা কেন্দ্ৰত প্ৰশাসনৰ লোকে কৰিছে নিৰীক্ষণ । প্ৰতিটো পৰীক্ষা কেন্দ্ৰতেই  স্থাপন কৰা হৈছে চি চি টি ভি কেমেৰা ।

লগতে পঢ়ক:ৰাজ্যত ৮৭৭ টা কেন্দ্ৰত 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.