জোনাইত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতিসাধন

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 6:45 PM IST

thumbnail

জোনাই, ২৪ ফেব্ৰুৱাৰী: ধেমাজি জিলাৰ জোনাইৰ বিভিন্ন অঞ্চলত শুকুৰবাৰে নিশা প্ৰায় ২.৩০ বজাত ধুমুহাই চলালে তাণ্ডৱ । শিল-বৰষুণ আৰু ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে জোনাইৰ ১ নং লাদাংগুৰি, জামজিং আদি অঞ্চলত । এই অঞ্চলৰ বহুতো লোকৰ ঘৰবাৰী, ভঁৰালৰ ক্ষতি হোৱাৰ লগতে গছ-গছনি উভালি পৰে  ৷ ইয়াৰ উপৰি কোনো কোনো অঞ্চলত বিদ্যুতৰ খুঁটাৰ লগতে গছ-গছনি উভালি পেলোৱাৰ ফলত বিদ্যুৎ সেৱাত ব্য়াঘাত জন্মিছে ৷  

উল্লেখযোগ্য যে এই ধুমুহাৰ ফলত অঞ্চলটোৰ খেতি-পথাৰৰ লগতে যথেষ্ট পৰিমানে শাক-পাচলিৰো অনিষ্ট হয় ৷ ধুমুহাৰ ফলত বহুতো পৰিয়ালৰ সা-সম্পত্তি বিনষ্ট হৈছে যদিও এতিয়ালৈ প্ৰশাসনৰ কোনো লোকেই  ক্ষতিগ্ৰস্ত সকলৰ খবৰ নোলোৱা বুলি অভিযোগ উত্থাপিত হৈছে । ধুমুহাৰ ফলত ২ নং চিৰামপুৰীয়া গাঁৱত অতুল দলে, সুভাষ দলে, কালু দলে, দ্বিপেন পেগু, কৃষ্ণ পেগু, পুলেন দলে, লক্ষৰাম দলে, দিগন্ত দলে, সুনিত পাতিৰ, মুক্ত কুলি, আখিৰাম চানং, তুচিৰাম পাতিৰৰ ঘৰৰ বিস্তৰ ক্ষতিসাধন হয় ৷ 

লগতে পঢ়ক:ডাম্পিং গ্ৰাউণ্ডৰ জুইৰ ধোঁৱাই সৃষ্টি কৰিছে ভয়াৱহ প্ৰদূষণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.