হোজাইত বিয়লি প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ - Heavy Storm In Hojai - HEAVY STORM IN HOJAI
🎬 Watch Now: Feature Video


Published : Apr 17, 2024, 10:32 PM IST
হোজাই,১৭ এপ্ৰিল: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰদৈচিলাৰ প্ৰকোপ । ৰাজ্যৰ আন কেইবাস্থানৰ লগতে হোজাই জিলাতো বুধবাৰে প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰে । হোজাই জিলাৰ চাৰ্কেবস্তি, জাঞ্জুকে ধৰি বৃহত্তৰ নখুঁটি অঞ্চলত ধুমুহাত বিস্তৰ অনিষ্ট সাধন হয় । বুধবাৰে বিয়লি ৩ মান বজাত হঠাৎ অহা তীব্ৰ ধুমুহা-শিলাবৃষ্টিৰ ফলত বহুকেইজন লোক ঘৰ-দুৱাৰ ভঙাৰ লগতে, চালৰ টিনপাত উৰুৱাই, গছ-গছনি, বিদ্যুতৰ খুঁটা, তাঁৰ ইত্যাদি ছিঙি বিস্তৰ ক্ষতিসাধন হয় ।
ইফালে ধুমুহাৰ ফলত তিনিগৰাকী মহিলা আহত হৈছে বুলি জানিব পৰা গৈছে । নিশা হোৱাৰ লগে লগে ধুমুহাত বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা উক্ত অঞ্চলৰ ৰাইজৰ মাজলৈ কাল অমানিশা নামি অহা পৰিলক্ষিত হৈছে । আনহাতে, পথত গছ পৰি থকাৰ বাবে এম্বুলেঞ্চ যাব নোৱৰাত ৰাইজে আহত মহিলাক কান্ধত ভাৰবান্ধি চিকিৎসালয়লৈ নিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।
লগতে পঢ়ক: বৰদৈচিলাৰ প্ৰকোপত ৰাজ্যৰ কেইবাটাও অঞ্চল - Heavy Storm In Assam