চাকৰি নিয়মীয়াকৰণৰ দাবীৰে হোজাইত হৰিজন মজদুৰ ইউনিয়নৰ অৱস্থান ধৰ্মঘট - Protest in Hojai
🎬 Watch Now: Feature Video


Published : Feb 22, 2024, 10:36 PM IST
হোজাই, 22 ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে হোজাই জিলাৰ লংকা পৌৰসভা কাৰ্যালয়ৰ সন্মুখত লংকাৰ হৰিজন মজদুৰ ইউনিয়নে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত লংকা পৌৰসভাই হেমাহি কৰাৰ অভিযোগ উত্থাপন কৰি হৰিজন মজদুৰ ইউনিয়নৰ কৰ্মকৰ্তাসকলে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷
উল্লেখ্য যে, চৰকাৰে হৰিজনসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্রত ব্যৱস্থা গ্ৰহণ কৰিছে যদিও লংকা পৌৰসভাই বিহিত ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে হৰিজন মজদুৰ ইউনিয়নৰ কৰ্মকৰ্তাসকলে ৷ চাকৰি সংক্ৰান্তত লংকা পৌৰসভাই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে 26 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কৰ্মবিৰতি পালন কৰিব বুলি হুংকাৰ দিয়ে হৰিজন মজদুৰ ইউনিয়নৰ কৰ্মকৰ্তাসকলে ৷ এই ধৰ্মঘট কাৰ্যসূচীত অৰ্ধ শতাধিক হৰিজন মজদুৰ ইউনিয়নৰ কৰ্মচাৰীয়ে অংশগ্রহণ কৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক: গেছৰ ষ্টোভ অন কৰি কিয় আত্মহত্যা কৰিলে অইলৰ অভিযন্তাই; চাঞ্চল্য অব্যাহত