thumbnail

পত্নীপ্ৰেমে পৰিণত কৰিলে হত্যাকাৰীলৈ : আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হস্তনিৰ্মিত বন্দুক - HANDMADE GUN RECOVERED

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 9:36 PM IST

ৰঙাপৰা, 8 জুলাই : বিগত 6 জুলাইৰ নিশা চাৰিদুৱাৰ থানাৰ অন্তৰ্গত 6নং কঠালজুলি গাঁৱৰ নিবাসী শংকৰ বসুমতাৰীৰ পত্নী লাউদাং বসুমতাৰীক নিশা অকলশৰে শুই থকা অৱস্থাত কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছিল । পাচত চাৰিদুৱাৰ আৰক্ষীয়ে হত্যাকাৰী বিচাৰি অভিযান চলাই থকাৰ সময়তে 5 নং কঠালজুলি গাঁৱৰ উদয় ৰাভা আৰক্ষীৰ জালত পৰে ।

ৰাভাই হত্যা কৰা মহিলাগৰাকীক চোকা অস্ত্ৰৰে তিনিবাৰকৈ প্ৰহাৰ কৰে ৷ ৰাভাৰ পত্নীৰ সৈতে উক্ত মহিলাগৰাকীৰ সঘনে হোৱা বিবাদৰ পৰিণতিত এই হত্যাকাণ্ড সংঘটিত কৰা বুলি উদয় ৰাভাই আৰক্ষীৰ আগত অকপটে স্বীকাৰ কৰে ৷

ঘটনা সন্দৰ্ভত অভিযুক্ত উদয় ৰাভাক আৰক্ষীয়ে সোধ-পোছ কৰাৰ পিচত ঘৰৰ পিচফালৰ পুখুৰীত এটা হস্তনিৰ্মিত বন্দুক লুকুৱাই ৰখা বুলি জানিবলৈ দিয়ে আৰক্ষীক । আনহাতে, উদয় ৰাভা চোৰাং চিকাৰৰ দৰে বে-আইনী কাৰ্যত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে । 6 নং কঠালজুলি গাঁৱত সংঘটিত হত্যাকাণ্ডৰে জড়িত অভিযুক্ত উদয় ৰাভাৰ ঘৰৰ পৰা এটা এনলীয়া হস্তনিৰ্মিত বন্দুক উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: চাৰিদুৱাৰত দুৰ্বৃত্তই শোৱাপাটীতেই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে মহিলাক - Sensational Murder In Rangapara

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.