৫-৬ মাহ পিচত কাম নোহোৱা হ'ব ইউ পি পি এলৰ: হাগ্ৰামা মহিলাৰী - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video
Published : Apr 20, 2024, 6:36 PM IST
ৰঙিয়া,২০ এপ্ৰিল: পুনৰ বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰক মন্তব্য । ৰঙিয়াৰ সমীপৰ সোণমহৰীত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ চলাই কৰিলে বিস্ফোৰক মন্তব্য । মহিলাৰীয়ে কয় যে ৫-৬ মাহ পিচত কাম নোহোৱা হ'ব ইউপিপিএল দলৰ । দ্বিতীয়বাৰ শাসনলৈ আহিব নোৱাৰে প্ৰমোদ বড়ো নেতৃত্বধীন ইউ পি পিলৰ চৰকাৰ । সেয়েহে প্ৰমোদ বড়োৰ একাংশ ইউপিপিএলৰ নেতা আৰু আবছুৰ একাংশ নেতাক লুটি-পুটি খাবলৈ দিছে লগতে এতিয়া তেওঁলোকে চাৰিওফালৰ পৰা চপাই আছে বুলি অভিযোগ উত্থাপন কৰে মহিলাৰীয়ে ।
ইফালে অবড়ো সুৰক্ষা সমিটিয়ে শনিবাৰে ৰঙিয়াৰ প্ৰেছ ক্লাৱত সংবাদমেল আয়োজন কৰি নৱ শৰণীয়াক বৰ্জন কৰি কংগ্ৰেছ দলক আহ্বান জনোৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ । কংগ্ৰেছক সমৰ্থন কৰিলেও দৰং-ওদালগুৰি লোকসভা সমষ্টি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফেই জয়ী হ'ব । এই দুটা সমষ্টিত কংগ্ৰেছ, বিজেপি আৰু ইউপিপিএলে জয়ী হ'ব নোৱাৰে বুলি প্ৰত্যাহ্বান জনায় বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ।
লগতে পঢ়ক: বিশাল ৰেলীৰে মনোনয়ন দাখিল কৰিলে বি পি এফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে - Lok Sabha Election 2024