অৱসৰী জীৱনৰ নিৰাপত্তা বিচাৰি যোৰহাটত এন পি এছ কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি - Demanding OPS
🎬 Watch Now: Feature Video
Published : Jan 20, 2024, 10:50 PM IST
যোৰহাট, 20 জানুৱাৰী : এন পি এছ বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত শনিবাৰে প্ৰতিবাদত উত্তাল হ’ল যোৰহাটৰ জিলা আয়ুক্ত কাৰ্যালয় ৷ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ অধীনত থকা শিক্ষক-বিষয়া-কৰ্মচাৰীয়ে সৰ্বাত্মক কর্মবিৰতি পালন কৰে ৷ ফলত অচল হৈ পৰে প্ৰশাসন যন্ত্ৰ ৷
যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত কৰ্মচাৰী সকল একগোট হৈ এই কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অনতি পলমে চৰকাৰে এন পি এছ ব্যৱস্থা বন্ধ কৰি অসমৰ সকলো শিক্ষক, বিষয়া, আৰক্ষী, কৰ্মচাৰীসকলক পুৰণি পেন্সন ব্যৱস্থাৰ যোগেদি অৱসৰী জীৱন সুৰক্ষিত কৰিবলৈ দাবী জনায় ৷
প্ৰতিবাদকাৰী সকলে কয় যে, এন পি এছ ব্যৱস্থাটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক অভিশাপ স্বৰূপ ৷ এই ব্যৱস্থাটোৱে কৰ্মচাৰী সকলৰ অৱসৰী জীৱনলৈ চৰম কাল অমানিশা নমাই আনিব ৷ এন পিএছ ব্যৱস্থাৰ আওতাত যিসকল কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে, সেইসকলে পেন্সনৰ নামত মাত্ৰ 500 টকাৰ পৰা 2000 টকাকৈহে পাই আছে ৷ আনকি বহু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেন্সনৰ পৰিমাণ ইয়াতকৈ কম ৷ গতিকে এই ব্যৱস্থাটো চৰকাৰে অতি শীঘ্ৰে বাতিল কৰি সকলো কৰ্মচাৰীকে পুৰণি পেন্সন ব্যৱস্থাৰ আওতালৈ আনিব লাগে বুলি দাবী কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক : লখিমপুৰত এন পি এছ কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি-অৱস্থান ধৰ্মঘট