শনবিল মহোৎসৱৰ শুভাৰম্ভণি কৰিলে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই - Governor of Assam
🎬 Watch Now: Feature Video


Published : Feb 24, 2024, 10:45 PM IST
কৰিমগঞ্জ, 24 ফেব্ৰুৱাৰী: অসম বিশ্ববিদ্যালয় আৰু ড’নাৰ মন্ত্ৰণালয়ৰ উদ্যোগত শনিবাৰৰ পৰা আৰম্ভ হৈছে তিনিদিনীয়া শনবিল মহোৎসৱ । অসমৰ ৰাজ্যপাল গুলাব চান্দ কটাৰীয়াই বন্তি জ্বলাই মহোৎসৱৰ শুভাৰম্ভ কৰে ।
ৰাজ্যপালগৰাকীৰ লগত অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাজীৱ মোহন পন্ত, ড’নাৰ মন্ত্ৰণালয়ৰ যুটীয়া সম্পাদক অংশুমান দে’, কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহ আৰু শনবিল মহোৎসৱৰ সঞ্চালক মানৱেন্দ্ৰ দত্ত চৌধুৰী উপস্থিত থাকে ।
ইয়াৰ পূৰ্বে ৰাজ্যপালগৰাকীয়ে এনচিচিৰ কেডাৰসকলক সম্ভাষণ গ্ৰহণ কৰে । ইয়াৰ পিচতে ৰাজ্যপালকে ধৰি বিশিষ্ট ব্যক্তিসকলক মঞ্চত সম্বৰ্ধনা জনোৱা হয় । ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া, অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাজীৱ মোহন পন্থ , ড’নাৰ মন্ত্ৰালয়ৰ যুটীয়া সম্পাদক অংশুমান দে, সাংসদ কৃপানাথ মাল্লাহ আৰু শনবিল মহোৎসৱৰ সঞ্চালক মানৱেন্দ্ৰ দত্ত চৌধুৰীয়ে এছিয়াৰ দ্বিতীয় বৃহত্তম জলাশয় শনবিলৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায় ।
লগতে পঢ়ক: কৰিমগঞ্জত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া