বিশ্ব শান্তিৰ মানসেৰে পদব্ৰজে কেদাৰনাথ যাত্ৰা গহপুৰৰ চন্দনৰ - kedarnath yatra for world peace

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 9:10 AM IST

ৰঙিয়া, ২০ মাৰ্চ : বিশ্ব শান্তি আৰু ৰাইজৰ মংগলৰ মানসেৰে পদব্ৰজে কেদাৰনাথলৈ ওলাইছে গহপুৰৰ চন্দন দাস। ২৭ বছৰীয়া যুৱকজনে গহপুৰৰ পৰা ১০ মাৰ্চৰ দিনা নিজৰ যাত্ৰা আৰম্ভ কৰে । আনহাতে, ৯ দিনৰ দিনা মঙলবাৰে ভক্তগৰাকী ৰঙিয়াত উপস্থিত হয় । ৰঙিয়াৰ পৰা মঙলবাৰৰ দিনাই পুনৰ যাত্ৰা আৰম্ভ কৰে যুৱকজনে । 

উল্লেখ্য যে চন্দন দাসে গহপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ তিনিমাহৰ অন্তত গন্তব‍্যস্থলীত উপস্থিত হোৱাৰ আশা প্ৰকাশ কৰিছে । এই যাত্ৰাত যুৱকজনে প্ৰায় দুই ২,৩০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিব । ইফালে ৰঙিয়াত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত যুৱকজনে কয় যে খোজকঢ়াটো খুবেই ভাল অভ‍্যাস । নিজৰ লগতে পৰিয়ালৰ সু-স্বাস্থ্যৰ বাবে সকলোৱে খোজকাঢ়িবলৈ আৰম্ভ কৰাটো জৰুৰী বুলি উল্লেখ কৰি যাত্ৰা পুনৰ আৰম্ভ কৰাৰ পূৰ্বে যুৱকজনে সকলোকে নিতৌ খোজকাঢ়িবলৈ আহ্বান জনায় । 

যুৱকজনে জানিবলৈ দিয়া অনুসৰি, যাত্ৰাৰ সময়ত তেওঁক যেতিয়াই জিৰণিৰ প্ৰয়োজন হৈছে তেওঁ পথৰ দাঁতিত থকা মন্দিৰ, দোকান বা তেনে ৰাজহুৱা স্থানতে ৰৈ জিৰণি লৈছে । বহু ঠাইত এনেদৰে জিৰণি লোৱাৰ সময়ত বহু লোকে আনকি ভক্তগৰাকীক খাদ‍্যৰো যোগান ধৰিছে । ৰঙিয়াৰ চেপ্টিতো তেনেদৰে কিছু সময় জিৰণি লোৱাৰ পিচত ভক্তগৰাকীয়ে পুনৰ যাত্ৰা আৰম্ভ কৰে ।

লগতে পঢ়ক :ভাৰতত 'কা' বলৱৎ হোৱাৰ পিচত বাংলাদেশত কি পৰিৱেশ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.