thumbnail

নৃত্যৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে ডবকাৰ গুঞ্জন - Jagannath Dham Puri Utsav 2024

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 10:09 PM IST

হোজাই, 7 জুন : ডবকাৰ ভেলৌগুৰি আদৰ্শ গাঁৱৰ এগৰাকী কণমানিয়ে ওড়িশাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ গুঞ্জন বৈদ্য নামৰ কণমানিজনীয়ে যি সন্মান কঢ়িয়াই আনিলে তাকে লৈ গৌৰৱাম্বিত অঞ্চলবাসী ৷ গাড়ী চালক বীৰবল বৈদ্যৰ কন্যা গুঞ্জন বৈদ্যৰ সৰুৰে পৰা নৃত্যৰ প্ৰতি আছিল আগ্ৰহ ৷ 

অঞ্চলভিত্তিত অনুষ্ঠিত হোৱা অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰি এদিন গুঞ্জনে লগ পাইছিল গুৱাহাটীৰ নৃত্য প্ৰশিক্ষক জয়ন্ত বৰাক ৷ জয়ন্ত বৰাৰ তত্বাৱধানত প্ৰশিক্ষন লৈ যোৱাবাৰ গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ব্ৰহ্মপুত্ৰ কলা মহোৎসৱৰ ছেমি ক্লাছিকেল নৃত্যত অংশগ্ৰহণ কৰি দ্বিতীয় স্থান দখল কৰাৰ লগতে ওড়িশাৰ কটকত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নৃত্য প্ৰতিযোগিতাৰ বাবে মনোনীত হয় ৷

যোৱা মাহৰ শেষৰ ফালে ওড়িশাৰ কটকত ত্ৰিবেণী কলাকেন্দ্ৰৰ দ্বাৰা অনুষ্ঠিত শ্ৰীশ্ৰী জগন্নাথ ধাম পুৰী উৎসৱত গুঞ্জন বৈদ্যই ছেমি ক্লাছিকেল নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দ্বিতীয় স্থান লাভ কৰে । ইফালে গোৱাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক নৃত্য প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে গুঞ্জনে অডিচন দি মনোনীত হোৱা বুলি মাতৃয়ে জানিবলৈ দিয়ে । গুঞ্জনে যাতে এইদৰে আগুৱাই যায় তাৰ বাবে হোজাইবাসীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক: Colors Tv ৰ ৰিয়েলিটী শ্ব'ত অসম সন্তান টকজিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.