thumbnail

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 9:55 PM IST

ETV Bharat / Videos

শান্তি চুক্তি স্বাক্ষৰকাৰী ৬ উগ্ৰপন্থী সংগঠনৰ উমৈহতীয়া মঞ্চ কেৰাফৰ সন্মিলন - KARBI EX REVOLUTIONERY FORUM

ডিফু, ২২ জুন : ২০২১ চনত কেন্দ্ৰীয় চৰকাৰৰ লগত শান্তি চুক্তি কৰি মূলসুঁতিলৈ ঘূৰি অহা ৬টা কাৰ্বি বিদ্ৰোহী সংগঠনৰ এখন সন্মিলন শনিবাৰে ডিফু টাউন হলত অনুষ্ঠিত হয় ৷ কেৰাফৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা আৰক্ষীৰ সহযোগত আয়োজিত এই সন্মিলনত প্ৰাক্তন বিদ্ৰোহী সকলে ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰে তেওঁলোকক আজিলৈকে ৰাজনৈতিক সংস্থাপন নিদিলে ৷

কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথৰ প্ৰচেষ্টাত তেওঁলোক এতিয়া কৃষি আৰু পশুপালনেৰে স্বাৱলম্বী হোৱাৰ বাটত কাম কৰিছে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে তেওঁলোকক দুখন ট্ৰেক্টৰ, হেছাৰী মেছিন, ব্ৰইলাৰ উৎপাদনৰ সকলো সুবিধা দিয়াৰ লগতে বিভিন্ন খেতিৰ বাবে উন্নতজাতৰ কঠিয়াও যোগান ধৰে ৷ 

লগতে পঢ়ক:KULA militant group : কাৰ্বি আংলঙত নতুন বিদ্ৰোহী সংগঠনৰ আত্ম প্ৰকাশ; আৰক্ষীৰ জালত তিনি কেডাৰ 

উল্লেখ্য় যে ইতিমধ্যে ডিফুৰ বজাৰ এতিয়া প্ৰাক্তন বিদ্ৰোহীসকলে উৎপাদন কৰা ব্ৰইলাৰে দখল কৰিছে ৷ কে এল এন এল এফৰ বাহিৰে আন বিদ্ৰোহী সংগঠনৰ নেতা-কেডাৰে চৰকাৰে দিয়া মাহেকীয়া ৬ হাজাৰ টকা নোপোৱা আৰু পুৰণি গোচৰসমূহে তেওঁলোকক জলাকলা খুৱাইছে বুলি কয় ৷  সংবিজিৎ ইংতি কাথাৰ , পি দিলিৰ পৰা সকলো উপস্থিত থকা সভাখনত কাৰ্বিতে ভাষণ দি আৰক্ষী অধীক্ষক শইকীয়াই সৰু সৰু গোচৰসমূহ চৰকাৰে সমাধান কৰিব বুলি উল্লেখ কৰি প্ৰাক্তন বিদ্ৰোহীসকলক লৈ এক সেউজ বিপ্লৱ কৰাৰ সংকল্পৰ কথা দোহাৰে ৷

লগতে পঢ়ক:কাৰ্বি শান্তি চুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ এজেৱাইচিপিৰ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.