মঙলবাৰে মাজুলীত প্ৰচাৰ চলাব গৌৰৱ গগৈয়ে

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 7:21 PM IST

thumbnail

মাজুলী, 18 মাৰ্চ : দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ মাজুলীত উপস্থিত হ’ব যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ । পুৱা কমলাবাৰী ঘাটত উপস্থিত হোৱাৰ পাচত জিলা কংগ্ৰেছৰ তৰফৰ পৰা এক বাইক ৰেলীৰে তেওঁক আদৰি আনিব গড়মূৰলৈ ৷ ইয়াৰ পিচত গড়মূৰ ৰাজীৱ ভৱনত মাজুলী জিলা কংগ্ৰেছৰ ফালৰ পৰা আদৰণি জনোৱা হ'ব । গড়মূৰ বংশী গোপাল নাট্যমন্দিৰত গৌৰৱ গগৈক আদৰণি জনাব মাজুলীবাসীৰ লগতে বিভিন্নজনে ।

ইয়াৰ পিচত নামনি মাজুলীত এখন সভাত অংশগ্ৰহণ কৰি বিয়লি গড়মূৰত এখন ক্ৰিকেট খেলত অংশ ল’ব সাংসদগৰাকীয়ে । নিশাটো মাজুলীত কটাই দ্বিতীয় দিনা দুখনকৈ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ লগতে আৰু কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কংগ্ৰেছ নেতা গৰাকীয়ে । এই কথা সদৰী কৰে মাজুলী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিনমণি দত্তই ৷

লগতে পঢ়ক : কংগ্ৰেছ চৰকাৰে ছয় জনগোষ্ঠীক প্ৰদান কৰিব জনজাতিৰ স্বীকৃতি;গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.