জয়ন্ত মল্লবৰুৱাৰ সমালোচনালৈ গুৰুত্ব নাই গৌৰৱ গগৈৰ

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 3:46 PM IST

thumbnail

টীয়ক, 16 মাৰ্চ : লোকসভা নিৰ্বাচনত এইবাৰ অসমৰ অতিকৈ গুৰুত্বপূৰ্ণ সংসদীয় সমষ্টি যোৰহাটৰ পৰা কংগ্ৰেছ যুৱনেতা গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । সেই সন্দৰ্ভত কালি তিতাবৰত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি শনিবাৰে টীয়কৰ ঐতিহাসিক জাতীয় বীৰ লাচিত মৈদামত উপস্থিত হৈ জাতীয় বীৰ গৰাকীৰ মৈদামত মৈদাম তৰ্পণ কৰি অনাগত নিৰ্বাচনী যুজঁত জয়ী হোৱাৰ কামনাৰে সেৱা লয় । লগতে লোকসভাত এক শক্তিশালী গণতন্ত্ৰ গঢ় দিবলৈ ৰাজনৈতিক মেৰপাকৰ পৰা ওলাই সকলোৰে সহায় বিচাৰে কলিয়াবৰৰ প্ৰাক্তন সাংসদগৰাকীয়ে ।

লগতে পঢ়ক : তিতাবৰত পিতৃৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি নিৰ্বাচনী ৰণশিঙা বজালে গৌৰৱ গগৈয়ে

ইপিনে টাই আহোমৰ পৰম্পৰাগত পোচাক পৰিধান নকৰাক লৈ বৰ্তমান ৰাজ্যিক চৰকাৰৰ এজন মন্ত্ৰীয়ে যি ধৰণে তেওঁক সমালোচনা কৰিছে সেয়া অতি অপ্ৰয়োজনীয় বুলি মন্তব্য কৰি আজি টীয়কত টাই আহোমৰ কেৱল সাজ পোচাক পিন্ধাই নহয়, পৰম্পৰাগত খাদ্য সম্ভাৰ গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে গৌৰৱ গগৈয়ে । কথাৰ উত্তৰ কথাৰে নহয়, কথাৰ উত্তৰ কৰ্মৰে দি আদৰ্শ ৰাজনীতি কৰাৰ লক্ষ্যৰে জাতীয় বীৰ লাচিত মৈদামত টাই আহোমৰ পোচাকত এইদৰে উপস্থিত হয় গৌৰৱ গগৈ ৷

লগতে পঢ়ক : গৌৰৱ গগৈক তীক্ষ্ণ ভাষাৰে সমালোচনা জয়ন্ত মল্লবৰুৱাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.