জাহাংগীৰ হত্যাৰ ন্যায় বিচাৰি ধুবুৰী আৰক্ষী অধীক্ষক সাক্ষাৎ পৰিয়ালৰ - Jahangir Hussain murder case

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 10:01 PM IST

thumbnail
ধুবুৰীৰ আৰক্ষী অধীক্ষক সাক্ষাৎ জাহাংগীৰ পৰিয়ালৰ (ETV Bharat Assam)

ধুবুৰী, 29 জুন: জাহাংগীৰ হত্যাকাণ্ডৰ আজি প্ৰায় এটা মাহ উকলিল । আজিও ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ ছিন্নমুণ্ড উদ্ধাৰ কৰিব নোৱাৰিলে আৰক্ষীয়ে । কোনো শুংসূত্ৰ লাভ কৰিব নোৱাৰিলে হত্যাকাৰী হিচাপে চিহ্নিত হোৱা ঠিকাদাৰ সুনীল গগৈৰ । অৱশেষত গোচৰৰ তদন্তৰ দায়িত্ব হস্তান্তৰ কৰা হ’ল চি আই ডিলৈ ৷ তথাপি এতিয়ালৈকে কোনো সফলতা লাভ কৰা নাই চি আই ডিয়ে ।

ইপিনে জাহাংগীৰ হুছেইনৰ পৰিয়ালে আজি ধুবুৰী জিলা আৰক্ষী অধীক্ষক নবীন সিঙক সাক্ষাৎ কৰে । জিলা গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃত্বৰ সৈতে জাহাংগীৰ হুছেইনৰ পৰিয়ালে জিলা আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি জাহাংগীৰৰ মৃতদেহৰ অৱশিষ্ট অংশখিনি বিচাৰে । আদালতৰ জৰিয়তে মৃতদেহৰ অৱশিষ্ট অংশ পৰিয়ালটোৱে বিচৰাৰ লগতে ঘটনাৰ ন্যায় বিচাৰি আবেদন কৰে ।

উল্লেখ্য যে, জাহাংগীৰ হুছেইনৰ মৃতদেহৰ অৱশিষ্ট অংশখিনি লৈ পৰিয়ালৰ লোকে জানাজা কৰি মৃতদেহ সৎকাৰ কৰাৰ আশা ব্যক্ত কৰে আৰক্ষীৰ ওচৰত । অৱশ্যে আৰক্ষীয়ে আশ্বাস প্ৰদান কৰে ভুক্তভোগী পৰিয়ালটোক । আনহাতে তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে আৰক্ষী আৰু চি আই ডিৰ প্ৰতি আস্থা আছে বুলি উল্লেখ কৰে পৰিয়াল আৰু গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদে ৷

লগতে পঢ়ক: ঢকুৱাখনাকাণ্ডৰ তদন্তৰ দায়িত্ব চি আই ডিলৈ হস্তান্তৰ : জনালে ডি পি সিঙে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.