পানীৰ তলত ৰেম্প : বন্ধ ফেৰী চলাচল, যাত্ৰীৰ হাহাকাৰ - Majuli ferry service

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 10:42 PM IST

thumbnail
নিমাতী-মাজুলী ফেৰী সেৱা বন্ধ (ETV BHARAT ASSAM)

যোৰহাট, 29 জুন : অৰুণাচলৰ লগতে অসমতো হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে ৷ আজি ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰাৰ ফলত নিমাতী-মাজুলী ফেৰী সেৱা বন্ধ হৈ পৰে ৷ ফলত নিমাতীঘাটত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে যাত্ৰীসকলৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ নিমাতী ঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত অনিৰ্দিষ্ট কাললৈ ফেৰী সেৱা বন্ধ হৈ পৰিব বুলি আশংকা কৰা হৈছে ৷  

ইতিমধ্যে নিমাতীঘাট আৰু অফলামুখৰ ফেৰী সেৱা বন্ধ হৈ পৰিছে ৷ কাৰণ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে যাত্ৰী উঠা-নমা কৰা সকলো ৰেম্প বৰ্তমান পানীৰ তলত ৷ নিমাতী আৰু অফলামুখৰ ফেৰী সেৱা হঠাতে বন্ধ হৈ পৰাৰ বাবে যোৰহাটত বহু সংখ্যক যাত্ৰী আৱদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে ৷ এইদৰে ফেৰী সেৱা বন্ধ হৈ পৰাৰ বাবে মাজুলীলৈ যোৱা আৰু মাজুলীৰ পৰা অহা সকলে বগীবিল হৈ অহা-যোৱা কৰিব লাগিব ৷ ফলত যাতায়তৰ খৰচ বহু পৰিমাণে বৃদ্ধি পাব ৷ 

লগতে পঢ়ক : জোনাইত বাঢ়নী পানীয়ে ছিঙিলে গাইড বান্ধ; নিদ্ৰাহৰণ ৰাইজৰ - Assam flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.