গুৱাহাটী, 27 জুন : এঞ্জেল কি ? সাধাৰণতে এঞ্জেল বুলি ক’লে আমি পৰীক বুজোঁ । এঞ্জেল বুলি শুনাৰ পিচত এইটো কথা মনলৈ আহিব পাৰে যে এঞ্জেল ক’ত আছে ? সাধাৰণতে এঞ্জেল ক’ত থাকে ? এই প্ৰশ্নৰ উত্তৰত দেৱীশ্ৰী হাজৰিকাই কয়, ‘এঞ্জেল আমাৰ ওচৰে পাজৰেই আছে । এঞ্জেল এটা শক্তি, এটা এনাৰ্জী । এঞ্জেলক ভগৱানৰ দূত বুলিও কোৱা হয় । ঈশ্বৰ বা ভগৱান তেওঁৰ নিৰ্দিষ্ট কামৰ বাবে ব্যস্ত হৈ থাকে । সেয়ে সকলো সময়তে আমি তেখেতক নাপাব পাৰো, কিন্তু তেখেতৰ দূতজনক লগ পাব পাৰো আৰু সেই দূতজনেই হৈছে এঞ্জেল ।’
এঞ্জেলে সঁচাকৈ আমাৰ জীৱনত প্ৰভাৱ পেলাই নেকি ?
এঞ্জেলে আমাৰ জীৱনত সাংঘাতিক ধৰণে প্ৰভাৱ পেলায় । এঞ্জেল বহু শক্তিশালী । এঞ্জেলৰ প্ৰভাৱৰ ফলত আমাৰ জীৱনৰ কামসমূহ সোনকালে সম্পন্ন হয় ।
এঞ্জেলক আমাৰ জীৱনলৈ নিমন্ত্ৰণ কৰাৰ নিয়ম কি ?
এঞ্জেলক আমাৰ জীৱনলৈ নিমন্ত্ৰণ কৰিবলৈ হ’লে প্ৰথমে এঞ্জেলৰ বিষয়ে জানি ল’ব লাগিব । কিছু এনে নিয়ম আছে যে যিবোৰ জনাৰ পাচতহে আমি তেওঁলোকক আমাৰ জীৱনলৈ নিমন্ত্ৰণ কৰিব পাৰো । আমাৰ সমস্যাৰ বিষয়ে তেওঁলোকক জনাব লাগিব । যদিও তেওঁলোকে আমাৰ সমস্যাৰ বিষয়ে জানে তথাপিও তেওঁলোকক আমাৰ সমস্যাৰ বিষয়ে আমি জনাব লাগিব । তেওঁলোকক নিমন্ত্ৰণ কৰিব লাগিব । তেতিয়াহে এঞ্জেলসমূহে আমাৰ সমস্যাবোৰ সমাধান কৰাত সহায় কৰিব ।
উল্লেখ্য যে, বৰ্তমান সময়ত বহুতে এঞ্জেল কাৰ্ড ৰিডিং কৰা দেখা যায় । এই এঞ্জেল কাৰ্ডসমূহত কিছু বার্তা থাকে । যি বাৰ্তাৰ যোগেৰে কিছু মেচেজ লাভ কৰে একো একোজন ব্যক্তিয়ে । এঞ্জেল কাৰ্ড ৰিডাৰ দেৱীশ্ৰী হাজৰিকাই জানিবলৈ দিয়া অনুসৰি সকলো বিষয় যেনে স্বাস্থ্য, পঢ়া-শুনা, কৰ্ম, জীৱন আদি প্ৰতিটো সমস্যাৰে এঞ্জেল বেলেগ বেলেগ ।
লগতে পঢ়ক : বিশ্বাস-অবিশ্বাসৰ মাজত ৰেইকীৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ, কিবা এটাতো নিশ্চয় আছে ! - REIKI THERAPY