কংগ্ৰেছক ভোট দিয়াৰ বাবে তেওঁলোকে যোৰহাটৰ ৰাইজকো অপমান কৰিছে : দেৱব্ৰত শইকীয়া - Debabrata Saikia

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 10:33 PM IST

thumbnail
চৰকাৰক সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ (ETV BHARAT ASSAM)

যোৰহাট, 29 জুন : "গণতন্ত্ৰ আৰু সংবিধানৰ শপত লোৱা এজন শিক্ষিত মানুহে জনমতক উপেক্ষা কৰি এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি যি মন্তব্য আগবঢ়াইছে সেয়া গণতন্ত্ৰৰ বাবে অতি দুখজনক ৷ মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলে যি মন্তব্য আগবঢ়াইছে সেয়া চৰম লজ্জাজনক ৷ তেওঁলোকে কংগ্ৰেছক ভোট দিয়াৰ বাবে যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজকো অপমান কৰিছে ৷ প্ৰকৃততে ৰাইজে বিজেপি দলৰ যি জনবিৰোধী নীতি তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ৷" এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ শনিবাৰে যোৰহাটত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিৰোধী দলৰ দলপতিগৰাকীয়ে ৷

বিৰোধী দলপতিগৰাকীয়ে লগতে কয় যে, বৰ্তমান অসম চৰকাৰখনৰ অৱস্থা 'দিন ভিক্ষা আৰু প্ৰাণ ৰক্ষা'ৰ দৰে অৱস্থা হৈছে ৷ বিদ্যুৎ মাচুল , টোল কৰ আৰু খাদ্য সামগ্ৰীৰ লগতে সমবায় পঞ্জীয়ন মাচুল আদিৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰি জনসাধাৰণক মাধমাৰ শোধাইছে ৷ ফলত জনসাধাৰণ অতিষ্ঠ হৈছে ৷ লগতে তেওঁ কয় যে, বিজেপিয়ে ভাবিছিল যে হিতাধিকাৰীৰ সৃষ্টি কৰি জনগণক গোলাম বনাব পাৰিব ৷ কিন্ত সেয়া গণতন্ত্ৰত সম্ভৱ হৈ নুঠিল ৷ তেওঁ কংগ্ৰেছৰ আসনৰ সংখ্যা হ্ৰাস পাব পাৰে কিন্তু ভোটৰ শতাংশ পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক : যোৰহাটৰ ফলাফলে সলনি কৰিছে ৰাজনৈতিক প্ৰেক্ষাপট : বিজেপিৰ টাৰ্গেট এটা বিশেষ সম্প্ৰদায়ক ! - Politics of religious frenzy

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.