thumbnail

কলিয়াবৰত জাকে জাকে ওলাইছে বন্যহস্তী - WILD ELEPHANT MANACE

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 7:15 PM IST

কলিয়াবৰ, ২৩ জুলাই: নগাঁও জিলাৰ কলিয়াবৰত এতিয়া জাক-জাক বন্যহস্তীৰ মুক্ত বিচৰণ । বানৰ সময়ত খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহু হাতী ওলাই আহিছিল কলিয়াবৰলৈ । পানী শুকাবলৈ ধৰাত কাজিৰঙামুখী হোৱা জাক জাক বনৰীয়া হাতীৰ মুক্ত বিচৰণৰ দৃশ্য এতিয়া দৈনিক দেখা পোৱা যায় কলিয়াবৰৰ তপাহোলা, হাতীমূৰাত । কাজিৰঙাৰ বান পৰিস্থিতিৰ সময়ত খাদ্যৰ সন্ধানত তথা ওখ স্থান বিচাৰি বহু বন্যহস্তী কাৰ্বি পাহাৰ আৰু কলিয়াবৰত বিচৰণ কৰিছিল ।

এই জাকৰ মাজতেই পথ পাৰ হৈ মাকৰ সৈতে সাতুৰি-নাদুৰি ওখ স্থানলৈ গমন কৰিছে হাতী পোৱালীয়ে । আনফালে, ২৫-৩০ টা বন্যহস্তী থকা জাকটোৱে ব্ৰহ্মপুত্ৰৰ চাপৰি অঞ্চলত বিচৰণৰ কৰি আছে । এই বন্যহস্তীৰ জাকটোক নিৰাপদ স্থানলৈ খেদি পঠিয়াবলৈ বন বিভাগৰ লোকে চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই । অৱশ্যে এই জাকটোৱে এতিয়ালৈ জনাঞ্চলত কোনোধৰণৰ ক্ষয়-ক্ষতি কৰা নাই বুলি মন্তব্য় কৰিছে তহলদাৰী বনকৰ্মীয়ে । 

লগতে পঢ়ক:এইবাৰ লুইতৰ বুকুত নহয়, চাহ বাগিচা চফৰত ব্যস্ত বন্যহস্তীৰ জাক - WILD ELEPHANT MANACE

লুইতৰ বুকুত জলকেলি বন্যহস্তীৰ... কেমেৰাত বন্দী হস্তী পৰিয়ালৰ নান্দনিক দৃশ্য - WILD ELEPHANT MANACE

কলিয়াবৰৰ জনাঞ্চলত বানত উটি অহা বন্যহস্তীৰ অৱস্থান - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.