চাৰিটাকৈ গঁড়ৰ মুক্ত বিচৰণত শংকিত মাজুলীবাসী - FREE ROAMING OF RHINO
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-11-2024/640-480-22954177-thumbnail-16x9-g-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 22, 2024, 1:18 PM IST
|Updated : Nov 22, 2024, 1:46 PM IST
মাজুলী: কেতিয়াবা যদি বনৰীয়া হাতীৰ আতংক, কেতিয়াবা আকৌ গঁড়ৰ আতংক । বন্যজীৱনৰ বিচৰণে ভিন্ন সময়ত শংকিত কৰি আহিছে মাজুলীবাসীক । মাজুলীৰ টিকৰাই চাপৰি, দ বালি চাপৰিত এটা, কাৰ্তিক চাপৰিত দুটা আৰু কংস চাপৰিত এটা মুঠ চাৰিটা গঁড়ে বিচৰণ কৰাত ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে ।
বিগত এমাহ ধৰি গঁড় চাৰিটাই বিচৰণ কৰি চাপৰিৰ কৃষক ৰাইজৰ ৰবিশস্য বিনষ্ট কৰিছে । গঁড়ৰ ভয়ত কৃষি পথাৰত কাম কৰিবলৈ শংকা কৃষক ৰাইজৰ । বন বিভাগে ইতিমধ্যে গঁড়কেইটাক তাৰ পৰা খেদি পঠোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ।
ৰাইজৰ লগতে গঁড়ৰ সুৰক্ষাৰ বাবে চাপৰিৰ দুৰ্গম এলেকাত বন বিভাগে পহৰাৰ ব্যৱস্থা কৰিছে । ইফালে, এই গঁড়কেইটাক যাতে কোনেও অপকাৰ কৰিব নোৱাৰে তাৰ বাবে চাপৰিত থকা কৃষকৰ খুঁটিসমূহত অচিনাক্ত লোকক আশ্ৰয় নিদিবলৈ আহ্বান জনাইছে বন বিভাগে ।