শীঘ্ৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অত্যাধুনিক বাৰ্ণ ইউনিট - Burn Unit in JMCH - BURN UNIT IN JMCH
🎬 Watch Now: Feature Video


Published : Sep 25, 2024, 10:52 PM IST
যোৰহাট,২৫ ছেপ্টেম্বৰ: যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংযোজিত হ'ব এক নতুন চিকিৎসা ব্যৱস্থা । যোৰহাটৰ অ' এন জি চি, চিনামৰাৰ অৰ্থসাহায্যৰে প্ৰায় ১১.৮৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি তোলা হ'ব অত্যাধুনিক সা-সঁজুলিৰে পৰিপূৰ্ণ এক বাৰ্ন ইউনিট । যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মূল ভৱনৰ তৃতীয় মহলাত নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক বাৰ্ন ইউনিটৰ বুধবাৰে আধাৰশিলা স্থাপন কৰা হয় ।
এই অত্যাধুনিক বাৰ্ন ইউনিটৰ আধাৰশিলা স্থাপন কৰে অ' এন জি চিৰ শীৰ্ষ বিষয়া বিশাল শাস্ত্ৰীৰ লগতে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে । আধাৰশিলা অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, অ' এন জি চিৰ শীৰ্ষ বিষয়া বিশাল শাস্ত্ৰী, অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰে এয়া যোৰহাটবাসী তথা অসমবাসীৰ বাবে এক আশাৰ বতৰা বুলি উল্লেখ কৰে ।