প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ অৱনতি - Thaneswar Boro health update - THANESWAR BORO HEALTH UPDATE
🎬 Watch Now: Feature Video


Published : May 9, 2024, 2:04 PM IST
ৰঙিয়া, 9 মে’ : বৃহস্পতিবাৰে দিনৰ ভাগত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে থানেশ্বৰ বড়োৰ । সেয়ে ৰঙিয়াৰ স্বস্তি হাস্পতালত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকীক । দীৰ্ঘদিনে হৃদৰোগত ভুগি আছিল প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো ।
আজি হাস্পতালত তেওঁৰ সৈতে থকা স্থানীয় এজন লোকে জানিবলৈ দিয়া অনুসৰি দেহৰ বিভিন্ন ঠাইত পানী জমা হৈছে প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ । । এই খবৰ বিয়পি পৰাৰ পিচতে আত্মীয়ৰ লগতে বহু লোকে ভিৰ কৰেহি চিকিৎসালয়ত ।
উল্লেখ্য যে, থানেশ্বৰ বড়ো 1985 চনৰ পৰা 2001 চনলৈ একেৰাহে ৰঙিয়াৰ বিধায়ক হৈ আছিল । ইয়াৰ উপৰিও অগপ চৰকাৰৰ প্ৰথমটো কাৰ্যকালত তেওঁ ৰাজহ মন্ত্ৰী হোৱাৰ লগতে পৰৱৰ্তী সময়ত দুবাৰকৈ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
লগতে পঢ়ক : সকলো প্ৰতিষেধকৰে কম-বেছি পৰিমাণে পাৰ্শ্বক্ৰিয়া থাকে : কেশৱ মহন্ত - Covishield Side Affect