স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু কাজিৰঙাৰ বনকৰ্মী - INDEPENDENCE DAY 2024 - INDEPENDENCE DAY 2024
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-08-2024/640-480-22207373-thumbnail-16x9-jzkczj.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 14, 2024, 10:09 PM IST
কলিয়াবৰ, ১৪ আগষ্ট : ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে বৃহস্পতিবাৰে উদযাপন কৰা হ’ব । তাৰ বাবে সমগ্ৰ দেশতে চলিছে ব্যাপক প্ৰস্তুতি । অসমো পিছপৰি ৰোৱা নাই ।
সেই ব্যস্ততা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকলৰ মাজতো দেখা গৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘন অৰণ্যত ২৪ ঘন্টাই বন্যজন্তুৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ থাকে বনকৰ্মী । দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত কৰ্মৰত বনকৰ্মীয়েও ৷ স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে সাজু পুৰুষ-মহিলা বনকৰ্মী । কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ বনকৰ্মীসকলে কলিয়াবৰ মহকুমা প্ৰশাসনে আয়োজন কৰা স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব ।
আনহাতে, স্বাধীনতা দিৱসৰ প্ৰকাক্ষণত কলিয়াবৰ আৰক্ষী প্ৰশাসনে নিৰাপত্তা ৰক্ষাৰ বাবে সষ্টম হৈ পৰিছে । কোনোধৰণৰ কূটাঘাতমূলক কাৰ্য যাতে সংঘটিত হ’ব নোৱাৰে তাৰ বাবে কলিয়াবৰ আৰক্ষীয়ে ৰাজপথৰ যান-বাহনত চলাইছে তালাচী ।