কিশোৰক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আটক প্ৰশিক্ষক - ALLEGATION OF MOLESTATION

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 7:05 PM IST

thumbnail
কিশোৰক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ (ETV Bharat Assam)

তিনিচুকীয়া, ১৫ ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ চাহ নগৰী ডুমডুমাৰ মৰ্ণিং ষ্টাৰ ক্লাবৰ ফুটবল প্ৰশিক্ষক ৰঞ্জন বৰ্মন পৰিল আৰক্ষীৰ জালত । ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা কিশোৰক যৌন নিৰ্যাতন চলোৱাৰ গোচৰত অভিযুক্ত ফুটবল প্ৰশিক্ষক ৰঞ্জন বৰ্মনৰ বিৰুদ্ধে ৰাজ্যৰ তিনিখনকৈ থানাত গোচৰ ৰুজু হোৱাৰ পিচতেই অভিযুক্তই পলায়ন কৰি আছিল । অৱশেষত ডুমডুমা আৰক্ষীয়ে কৰায়ত্ত কৰিলে যৌন নিৰ্যাতনত অভিযুক্ত ৰঞ্জন বৰ্মনক ।  

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ৰঞ্জন বৰ্মনৰ স্বাস্থ্য পৰীক্ষা চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰাৰ লগতে অব্যাহত ৰাখিছে তদন্ত । উল্লেখযোগ্য যে ফুটবল প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা তিনি কিশোৰক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল এইজন ফুটবল প্ৰশিক্ষক ৰঞ্জন বৰ্মনৰ বিৰুদ্ধে ।  

ডুমডুমা নগৰ খেলপথাৰত মৰ্ণিং ষ্টাৰ ক্লাব খুলি দীৰ্ঘদিনৰ পৰা অনৈতিক কৰ্মকাণ্ড সংঘটিত কৰি অহাৰ অভিযোগ আছে এইজন ফুটবল প্ৰশিক্ষকৰ বিৰুদ্ধে । তেওঁৰ বিৰুদ্ধে ৰাজ্যৰ তিনিখনকৈ জিলাত ভুক্তভোগী কিশোৰৰ অভিভাৱকে দাখিল কৰিছিল এজাহাৰ । চাহ নগৰী ডুমডুমাৰ ঐতিহ্যক কলুষিত কৰা ৰঞ্জন বৰ্মনৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে ডুমডুমা মহিলা সমিতিয়ে ।

লগতে পঢ়ক:ফুটবল প্ৰশিক্ষকৰ বিৰুদ্ধে কিশোৰক যৌন নিৰ্যাতনৰ অভিযোগ: গোচৰ ৰুজু - ALLEGATION OF MOLESTATION

নাবালিকাক ধৰ্ষণ কৰি সামাজিক মাধ্যমত ভিডিঅ’ আপলোড ৬ কিশোৰৰ: তিনি অভিযুক্তক গ্ৰেপ্তাৰ - MINOR RAPE CASE

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.