যোৰহাটত টকাৰ উজান; যুৱক আটক - Large amount of money recover - LARGE AMOUNT OF MONEY RECOVER
🎬 Watch Now: Feature Video
Published : Mar 22, 2024, 1:17 PM IST
মৰিয়নী, 22 মাৰ্চ : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মৰিয়নীত জব্দ হৈছে বৃহৎ পৰিমাণৰ টকা ৷ মৰিয়নী N.S.T তিনিআলিত ফ্লাইং স্কোৱাডৰ দলে জব্দ কৰিবলৈ সক্ষম হয় লক্ষাধিক টকা । জানিব পৰা মতে, নিৰ্বাচনী বিধি উলংঘা কৰি নগালেণ্ডৰ পৰা মৰিয়নীলৈ এখন ইক’ বাহনেৰে কঢ়িয়াই অনা হৈছিল টকাখিনি ৷
বাহনখনৰ নম্বৰ AS 01 FE 2770 ৷ টকাখিনি বিস্কুটৰ পেকেটত লৈ আহিছিল বুলি আৰক্ষীয়ে জনায় । ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে নগালেণ্ডৰ পৰা টকা সৰবৰাহ কৰা যুৱককেইজনক ৷
লক্ষণীয়ভাৱে, টকাখিনি ক’ৰ পৰা কি উদ্দেশ্য আনিছিল তাৰ নথিপত্ৰ দাখিল কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে আটাকাধীন যুৱককেইজন । এই ঘটনাৰ পিচতে মৰিয়নী থানাত উপস্থিত হয় তিতাবৰ মহকুমা আৰক্ষী বিষয়া, যোৰহাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক, মৰিয়নীৰ দায়িত্বত থকা অতিৰিক্ত দণ্ডাধীশৰ লগতে তিতাবৰ মহকুমা নিৰ্বাচনী বিষয়াৰ সৈতে এটা প্ৰশাসনীয় দল ৷
জানিব পৰা মতে, সৰ্বমুঠ 27,78,310 টকা জব্দ কৰিছে নিৰ্বাচনী বিষয়াৰ দলটোৱে । নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হোৱাৰ পিছত যোৰহাট জিলাত বৃহৎ পৰিমাণৰ টকা উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ । সমান্তৰালভাৱে, উদ্ধাৰ হোৱা টকাখিনি অবৈধ উৎসৰ পৰা সংগ্ৰহ কৰা বুলি গুৰুতৰ অভিযোগ উথাপিত হৈছে ।
লগতে পঢ়ক: অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘনৰ অভিযোগ কংগ্ৰেছৰ - model code of conduct violation