ধেমাজিৰ কেইবা স্থানতো অপৰিৱৰ্তিত বানপৰিস্থিতি, গাই নদীয়ে ধৰিছে কালৰূপ - Assam flood 2024

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 4:00 PM IST

thumbnail
গাই নদীয়ে ধৰিছে কালৰূপ (ETV Bharat Assam)

ধেমাজি,৩০ জুন: বিগত কেইবাদিনো ধৰি বানৰ সৈতে সহৱস্থান কৰিবলগীয়া হৈছে ধেমাজিৰ বামগাঁও আৰু বৰাচিৰা গাঁৱৰ বন্যাৰ্তই । কিয়নো নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিৰ ন ন ঠাই জলমগ্ন হোৱা পৰিলক্ষিত হৈছে । এফালে জীয়াঢলৰ কাংকু সুঁতিয়ে ধেমাজি ভজুগাঁৱত বানৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে আনফালে ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ বৰাচিৰা, বামগাঁও, গোঁহাই গাঁৱৰ বিস্তীৰ্ণ অঞ্চলত বানৰ কবলত পৰিছে ৷ অঞ্চলটোৰ বহু কৃষকৰ আগতীয়া শস্যৰ খেতি-পথাৰ আৰু কঠিয়াতলী পানীৰ তলত আছে ৷ 

গাই নদীৰ বানৰ কবলত বাম গাঁৱৰ ৫/৬টা পৰিয়ালে একেলগে কথমপি পানীয়ে পাকঘৰ ঢুকি নোপোৱা ঘৰত আশ্ৰয় লৈ খাদ্যগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে । সেইদৰে খোৱাপানী, অনাময় আৰু গৰু ম’হ পোহনীয়া জীৱ-জন্তু আশ্ৰয় আৰু খাদ্যৰ সংকটত পৰিছে । প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীয়ে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িতসকলৰ ক্ষয়-ক্ষতি বুজ লৈছে যদিও এই পৰ্যন্ত বান সাহায্য দিয়া নাই বুলি মন্তব্য কৰে বানাক্ৰান্ত ৰাইজে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.