লক্ষীপুৰত অনুষ্ঠিত চাহ জনগোষ্ঠী উন্নয়ন সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশন - Silchar News
🎬 Watch Now: Feature Video


Published : Feb 1, 2024, 12:07 PM IST
শিলচৰ, 1 ফ্ৰেব্ৰুৱাৰী : বুধবাৰে কাছাৰ জিলাৰ লক্ষীপুৰ লাবক চাহ বাগিচাত অনুষ্ঠিত হয় বৰাক উপত্যকাৰ চাহ জনগোষ্ঠী উন্নয়ন সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশন ৷ লাবক চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত অধিৱেশনত অংশগ্ৰহণ কৰে প্ৰায় 10 হাজাৰ চাহ জনগোষ্ঠীৰ লোকে ৷ অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত আছিল বিধায়ক কৃষ্ণেন্দু পালসহ চাহ জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিসকল ।
চাহ বাগিচাত বসবাস কৰা শ্ৰমিকসকলক ভূমিৰ পাট্টা প্ৰদান কৰা, ব্ৰহ্মপুত্ৰ উপত্যকাৰ শ্ৰমিকৰ সমতুল্য বৰাকৰ শ্ৰমিকক মজুৰি প্ৰদান কৰা আদিৰ বিষয়ত অধিৱেশনতে প্ৰস্তাৱ গ্ৰহণ কৰে সংগঠনটোৱে ৷
ইফালে বিজেপি চৰকাৰৰ আমোলত চাহ শ্ৰমিকৰ উন্নয়ন হৈছে বুলি মন্তব্য কৰে বিধায়ক পালে ৷ অধিৱেশনত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ চৰকাৰে যাতে বাস্তৱায়িত কৰে তাৰ বাবে চৰকাৰৰ লগত আলোচনা কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়গৰাকীয়ে ৷