বৰপেটা বি টি কলেজত অগ্নি নিৰ্বাপনৰ মকড্ৰিল - Disaster Management Authority
🎬 Watch Now: Feature Video
Published : Mar 3, 2024, 12:30 PM IST
বৰপেটা, ৩ মাৰ্চ : জুই লগাৰ ঘটনাৰ সময়ত ল’বলগীয়া ব্যৱস্থাৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে শনিবাৰে বৰপেটা বি টি কলেজত অনুষ্ঠিত কৰা হয় এক আখৰা । বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত তথা বৰপেটা বি টি কলেজৰ সহযোগত অনুষ্ঠিত এই আখৰাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰাৰ চেষ্টা কৰা হয় ।
ইয়াৰ বাবে কলেজ চৌহদত জুই লগাৰ এক কৃত্ৰিম পৰিৱেশ সৃষ্টি কৰা হয় । তাৰ পাচত মহাবিদ্যালয়খনৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰে । জুই লগাৰ ফলত আহত হোৱা তথা গাত অগ্নিসংযোগ হ'লে ল’বলগীয়া ব্যৱস্থাৰ সন্দৰ্ভতো ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দিয়া হয় ।
এই আখৰাই ছাত্ৰ-ছাত্ৰীসকলক আকস্মিক এনে দুৰ্ঘটনাৰ সময়ত যথেষ্ঠ সহায় কৰিব বুলি আশা প্ৰকাশ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ হাছমত আলীয়ে ।
লগতে পঢ়ক: চানডুবিৰ পাৰত দুৰ্ঘটনাত পতিত হেলিকপ্টাৰ! ৰহস্য কি ?