ভয়ংকৰ অগ্নিকাণ্ড : জাহ গ'ল কেইবা লাখ টকাৰ সম্পত্তি - Fire breaks out at Cachar - FIRE BREAKS OUT AT CACHAR
🎬 Watch Now: Feature Video


Published : Jun 13, 2024, 6:13 PM IST
শিলচৰ, ১৩ জুন : কাছাৰৰ লক্ষীপুৰৰ লালাঙত ভয়ংকৰ অগ্নিকাণ্ড ৷ জাহ গ'ল এটা বাসগৃহ । পুৱতি নিশা সংঘটিত হৈছে এই অগ্নিকাণ্ড । লালাং গাঁৱৰ নুৰ ৰহমান নামৰ এজন লোকৰ ঘৰত পুৱতি নিশা হঠাৎ জুইৰ সূত্ৰপাত হয় । পৰিয়ালৰ লোকে উমান পোৱাৰ পূৰ্বেই জুইৰ লেলিহান শিখাই ছানি ধৰে সম্পূৰ্ণ ঘৰটো । চুবুৰীয়াসকলে জুই প্ৰত্যক্ষ কৰাৰ লগে লগে লক্ষীপুৰৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ।
স্থানীয় লোকে অভিযোগ কৰা মতে, বহু পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকল ঘটনাস্থলীত উপস্থিত হয় । যাৰ বাবে ঘৰটো জুইত সম্পূৰ্ণ ভস্মীভূত হয় । ইফালে পৰিয়ালটোৱে জনোৱা মতে তেওঁলোকৰ কেইবা লাখ টকাৰ সম্পত্তি নষ্ট হৈছে । বহু গুৰুত্বপূৰ্ণ নথিও ভস্মীভূত হৈছে ।