অসমীয়াৰ নাম পাহৰাব খোজা আলতাপ হুছেইনৰ বিৰুদ্ধে এজাহাৰ যুৱ সাংবাদিক মৃগাংক মোহন দত্তৰ - controversial miya song

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 11:00 PM IST

thumbnail
আলতাপ হুছেইনৰ বিৰুদ্ধে এজাহাৰ (ETV Bharat Assam)

নিউজ ডেস্ক, 30 আগষ্ট : ‘মিঞা’ৰ প্ৰসংগই ৰাজ্যত তোলপাৰ লগাই থকাৰ সময়তে বৃহস্পতিবাৰে এগৰাকী অখ্যাত গায়কে পুনৰ সৃষ্টি কৰিলে বিতৰ্কৰ ৷ ‘‘মিঞা জাগিলে অসমীয়াই নিজক পাহৰিব, অসম তোৰ বাপৰ নেকি ?’’ আদি উচটনিমূলক বাক্যাংশৰ কথাৰ গীতটো ৰাজ্যজুৰি চৰ্চিত হ’ল ৷ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টিৰ পিছতে আলতাপ হুছেইন নামৰ অখ্যাত গায়কজনে ভিডিঅ’টো ডিলিট কৰিবলৈও বাধ্য হয় ৷

কিন্তু গীতটোৰ জৰিয়তে সমাজত সৃষ্টি কৰিব পৰা অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গায়কগৰাকীৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে এগৰাকী সাংবাদিকে ৷ যুৱ সাংবাদিক মৃগাংক মোহন দত্তই নাৰায়ণপুৰ থানাত অখ্যাত গায়কগৰাকীৰ বিৰুদ্ধে গোচৰ দাখিল কৰি অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে ৷ সাংবাদিকগৰাকীৰ মতে এনে উচটনিমূলক গীত প্ৰচাৰৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ প্ৰয়োজন আছিল ৷  

লগতে পঢ়ক: মিঞাগীতেৰে ভাবুকি অখ্যাত গায়কৰ: বাধ্যত পৰিহে কৰিলে ডিলিট - Controversial Song

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.