শিশু কন্যা সন্তানক হত্যা কৰিলে পিতৃয়ে - Sensational MURDER In Tinsukia

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 8:47 PM IST

thumbnail
চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা (ETV BHARAT ASSAM)

তিনিচুকীয়া, ১৪ জুলাই: তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত দুৱাৰমৰা বেবেজীয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা । পাষাণ পিতৃয়ে নিজৰেই চাৰি বছৰীয়া শিশুক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে ৷ ঘটনাৰ বিৱৰণি অনুসৰি বিক্ৰম মুণ্ডা নামৰ লোকজনৰ দেওবাৰে পুৱাই পত্নীৰ সৈতে কাজিয়া লগাৰ সময়তেই ওচৰতেই থকা কন্যাক চোকা অস্ত্ৰৰে আঘাত কৰে । প্ৰাণৰ মমতাত পলাবলৈ চেষ্টা কৰা শিশুটিক পুনৰ পদূলিলৈকে দৌৰি আহি পিতৃয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত লগে লগে মাটিত বাগৰি পৰে ।  

বিক্ৰম মুণ্ডাই পিচত মৃত শিশুটিক কাপোৰে ঢাকি পথতেই থৈ দিয়ে । ইয়াৰ পিচতেই পেঙেৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত বিক্ৰম মুণ্ডাক আটক কৰে । আৰক্ষীয়ে উচ্চস্তৰীয় বিষয়াৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । উল্লেখযোগ্য যে বিগত তিনি মাহত পেঙেৰী অঞ্চলত তিনিটাকৈ শিশুৰ মৃত্যু হৈছে পাষাণ পিতৃৰ চোকা অস্ত্ৰৰ ঘাপত । ইপিনে, স্থানীয় লোকে অভিযুক্তক ফাঁচী দিয়াৰ দাবী জনাইছে ।

লগতে পঢ়ক:নিজহাতে 4 মহীয়া কন্যা সন্তানক হত্যা পিতৃৰ - BRUTAL MURDER In Tinsukia

মাতাল পিতৃয়ে হত্য়া কৰি পুতি থলে ডেৰমহীয়া শিশুক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.