গোগামুখত স্বামী-পুত্ৰক এৰি মহিলা পলাল পৰপুৰুষলৈ - Extra marital affair in Gogamukh - EXTRA MARITAL AFFAIR IN GOGAMUKH
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-05-2024/640-480-21531770-thumbnail-16x9-gogamukh-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : May 22, 2024, 7:46 PM IST
ধেমাজি,২২ মে': আকৌ বোৱাৰী পলায়নৰ ঘটনা । এইবাৰ লখিমপুৰত অনুষ্ঠিত বিজেপিৰ প্ৰচাৰ সভালৈ মানুহ অনা-নিয়াৰ বাবে ব্যৱহৃত গাড়ীৰ ড্ৰাইভাৰৰ সৈতে প্ৰেমত পৰি গোগামুখ চাউলধোৱা বালিগাঁৱৰ দুটাকৈ কণমানি পুত্ৰ সন্তানৰ মাতৃ পলাই গ'ল ডিব্ৰুগড়ৰ লেজাই দীঘলীয়া গাঁৱৰ জাণ্টু চুতীয়া নামৰ এজন লোকৰ সৈতে । মাতৃক বিচাৰি দুৰ্ভগীয়া কণমানি পুত্ৰদ্বয়ে মাকক ঘূৰি আহিবলৈ জনালে কাতৰ আহ্বান ।
স্বামী চন্দন বৰাই হাজিৰা কৰি পত্নীক লৈ দিছিল স্মাৰ্ট ফোন । স্মাৰ্টফোন পাই ৰীলছ বনোৱাত লাগিল পত্নী । তাৰ পিছৰ পৰাই আৰম্ভ হৈছিল অবৈধ প্ৰেম । প্ৰায় ১মাহ ধৰি মাকৰ মৰমৰ পৰা বঞ্চিত পুত্ৰ সন্তান দুটি শোকত ভাগি পৰি এৰিছে বিদ্যালয়, এৰিছে খোৱা-বোৱা । ইফালে অসহায় স্বামীয়ে আৰক্ষীৰ কাষ চাপিও পোৱা নাই কোনো সুফল । সেয়ে পুত্ৰ সন্তান দুটিৰ মুখলৈ চাই অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে পত্নীক ঘূৰি আহিবলৈ অনুৰোধ জনাই স্বামী চন্দন বৰাই ।