thumbnail

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 9:45 PM IST

ETV Bharat / Videos

লাহোৱালৰ তেলীয়াপতিত অইলৰ গেছ পৰিবাহী পাইপত বিস্ফোৰণ - Oil Pipe Burst In Lahowal

মৰাণ, ৪ জুন: ডিব্ৰুগড় জিলাৰ লাহোৱালৰ তেলীয়াপতিত মঙলবাৰে অইলৰ পাইপত বিস্ফোৰণ । পাইপ ফুটি গেছ নিৰ্গমণ হোৱাৰ লগতে প্ৰচণ্ড শব্দৰ সৃষ্টি হয় । এইদৰে পাইপত বিস্ফোৰণ ঘটাত অঞ্চলটোৰ ৰাইজৰ মাজত আতংকই বিৰাজ কৰে । দুলীয়াজান আৰু ডিব্ৰুগড়লৈ যোৱা পথৰ কাষত সংঘটিত হয় দুৰ্ঘটনাটো । পিচত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ এইক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণৰ বাবে চেষ্টা চলায় ।

অঞ্চলটোৰ ৰাইজে উল্লেখ কৰা অনুসৰি এই পথটোৰ নিৰ্মাণৰ কাম কৰিছিল এটা ঠিকাদাৰী প্ৰতিষ্ঠানে । কিন্তু অইলৰ গেছ পৰিবাহী পাইপ থকা স্থানত এক্সকেভেটৰৰে কাম কৰাৰ ফলত এই ঘটনা সংঘটিত হৈছে । গেছ নিৰ্গমণ বন্ধ কৰিব নোৱাৰিলে ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে । 

লগতে পঢ়ক:ONGC Oil Pipe Burst In Amguri:তেলৰ পাইপ ফুটি নিৰ্গমন হৈছে তেল, চিন্তিত সাধাৰণ জনতা

Oil Pipe Leaked In Amguri: আমগুৰিত আকৌ ফুটিল তেলৰ পাইপ

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.