বঙাইগাঁৱত আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সুৰা - Illegal Liquor Seized - ILLEGAL LIQUOR SEIZED
🎬 Watch Now: Feature Video


Published : Apr 7, 2024, 8:39 AM IST
বঙাইগাঁও,৭ এপ্ৰিল: শনিবাৰে বঙাইগাঁও জিলাৰ ৰাখালডুবিত আবকাৰী বিভাগৰ নিয়মীয়া তালাচীৰ সময়ত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ সুৰা । বহিঃৰাজ্যৰ পৰা তিনিখন ট্ৰাকত কঢ়িয়াই অনা এই বৃহৎ পৰিমাণৰ বিলাতী সুৰাখিনি আবকাৰী বিভাগৰ অধীক্ষক অমৰেন্দ্ৰ নাথৰ নিৰ্দেশনা মৰ্মে আবকাৰী বিভাগৰ পৰিদৰ্শক বিষ্ণু দেৱে কেইবাজনো সহায়কৰ সৈতে জব্দ কৰে । লগতে ট্ৰাক তিনিখনৰ আটাইকেইজন চালককে আটক কৰে দলটোৱে ।
জব্দকৃত ৩৫৩৫৭.৫০০ লিটাৰ সুৰাখিনিৰ মূল্য প্ৰায় ৩,৫৩,৫৭,৫০০ টকা হ'ব বুলি জানিব পৰা গৈছে । জব্দকৃত ট্ৰাক তিনিখনৰ নম্বৰ ক্ৰমে- UP38T-5950, UP21CN-8868 আৰু UP21DT-8716 । আনহাতে আটকাধীন ট্ৰাককেইখনৰ চালককেইজন ক্ৰমে উত্তৰ প্ৰদেশৰ মঃ ছাউদ,খালিড , মুৰাদ আৰু আৰু হেম সিং বুলি জানিব পৰা গৈছে । আটকাধীন চালক কেইজনক বৰ্তমান সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীৰ দলটোৱে ।
লগতে পঢ়ক: নলবাৰীত অবৈধ বিলাতী সুৰাসহ সৰবৰাহকাৰীক আটক