ধনশিৰি খননে বিপদ মাতিছে কাষৰীয়া কেবাখনো গাঁৱলৈ - Dhansiri river

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 4:02 PM IST

thumbnail
জিঅ'বেগ বান্ধৰ খহনীয়া সৃষ্টি কৰাৰ আশংকা (ETV BHARAT ASSAM)

গোলাঘাট, 14 জুন : নদী খননে বিপদ মাতিছে কেবাখনো গাঁৱলৈ ৷ নুমলীগড় শোধনাগাৰলৈ জাহাজ চলিব পৰাকৈ ধনশিৰি নৈত কৰা খননৰ ফলত নুমলীগড়ত খহনীয়া সৃষ্টি হোৱাৰ আশংকা স্থানীয় ৰাইজৰ ৷ এই খননৰ ফলত ৰৌদুৱা পথাৰ আৰু ধোদাং গাঁৱৰ লগতে কেবাখনো গাঁৱলৈ সাম্ভাব্য খহনীয়াই আনিছে ভয়ংকৰ ভাবুকি ৷

নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই কলকাতাৰ পৰা অনা অত্যাধুনিক জাহাজে ব্যাপক খনন চলাইছে ধনশিৰি নৈত ৷ যাৰ বাবে আধা কিলোমিটাৰ পৰ্যন্ত জিঅ'বেগ বান্ধ তললৈ বহি যোৱাৰ আশংকা কৰা হৈছে ৷ নুমলীগড় শোধনাগাৰৰ সামগ্ৰী কঢ়িওৱা জাহাজ চলাচলৰ সুবিধাৰ্থে নদীত খনন চলোৱা হৈছে যদিও ইয়াৰ পাৰ্শ্বঃক্ৰিয়া ৰূপে নদীৰ বান্ধ খহনীয়াৰ কবলত পৰি আনিছে ঘোৰ সংকট ৷ ইফালে যাৱতীয় অনুমতি নোলোৱাকৈ তথা নদীৰ দুয়োপাৰৰ সুৰক্ষাৰ পৰিকল্পনা নকৰাকৈ নদী খনন কৰা কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : মৰিয়নীত ধোদৰ আলিৰ নিৰ্মাণত বিসংগতিৰ অভিযোগ : নীৰৱ বিধায়কে সূচাইছে কি ? - Allegation of corruption

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.