ঐতিহাসিক মৰুৎ নন্দন কাননৰ সমীপত উচ্ছেদ অভিযান
🎬 Watch Now: Feature Video
তিনিচুকীয়া, ১৬ ফেব্ৰুৱাৰী: তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কানন (ন-পুখুৰী পাৰ্ক)ৰ সমীপত শুকুৰবাৰে বেদখল উচ্ছেদ কৰে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷ একাংশ লোকে পাৰ্কৰ সমীপৰ স্থান অবৈধভাৱে দখল কৰি মাছ-মাংসৰ লগতে চলাই আহিছিল বিভিন্ন ব্যৱসায় । অবৈধ দখল কৰি ব্যৱসায় চলাই থকা লোকসকলে লেতেৰা আৱৰ্জনাসমূহ পাৰ্কত পেলোৱাৰ অভিযোগ সংগঠনটোৰ । যাৰ বাবে আজি সংগঠনটোৱে উচ্ছেদ চলায় ৷
পৰৱৰ্তী সময়ত উচ্ছেদস্থলীত তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া মঞ্জিত দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰ্যবেক্ষণ কৰে পৰিস্থিতি ৷ কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে উপস্থিত হৈ সেই ব্যৱসায়ীসকলক অন্য স্থানলৈ হস্তান্তৰ কৰাৰ চিন্তা কৰা হ’ব বুলি সদৰী কৰে ৷
লগতে পঢ়ক: পাণবজাৰ মহিলা আৰক্ষীৰ জিম্মাত নুনমাটিৰ পৰা সন্ধানহীন দুই ছাত্ৰী; গ্ৰেপ্তাৰ ৩