এন পি এছ লাগে; প্ৰতিবাদত নামিল কৰ্মচাৰী - DEMAND FOR RETENTION OF NPS - DEMAND FOR RETENTION OF NPS
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-05-2024/640-480-21466815-thumbnail-16x9-gyu.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : May 14, 2024, 5:49 PM IST
যোৰহাট, 14 মে’: এন পি এছ ব্যৱস্থা বাহাল ৰখাৰ দাবীত যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত প্ৰতিবাদী কাৰ্যসূচী ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত ৰাজ্যৰ ভিন্ন প্ৰান্তত 23 টা কৃষি বিজ্ঞান কেন্দ্ৰ আছে আৰু এই কৃষি বিজ্ঞান কেন্দ্ৰসমূহে ৰাজ্যৰ কৃষকসকলক কৃষি সম্পৰ্কীয় বিভিন্ন যাৱতীয় পৰামৰ্শ দিয়াৰ লগতে বিভিন্ন ক্ষেত্ৰত সহায় আগবঢ়াই আহিছে । কিন্তু ইয়াৰ কৰ্মচাৰীসকলৰ নিযুক্তি পত্ৰত কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এন পি এছৰ সুবিধা লাভ কৰিব বুলি স্পষ্টকৈ উল্লেখ কৰাৰ পাছতো কৰ্তৃপক্ষই শেহতীয়াকৈ হঠকাৰীভাৱে উক্ত সুবিধা উঠাই দিয়াৰ সিদ্ধান্ত লৈছে বুলি প্ৰতিবাদকাৰীসকলে জনায় ।
ইয়াৰৰ প্ৰতিবাদত মংগলবাৰে ৰাজ্যৰ 23 টা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মচাৰীসকলে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখযোগ্য যে বিগত 15/20 বছৰে বহু কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্য আদায় লাভৰ পৰা বঞ্চিত হৈ আহিছে । বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত এইসকল কৰ্মচাৰীৰ পৰা এন পি এছৰ সুবিধাকো প্ৰত্যাহাৰ কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সিদ্ধান্ত লোৱা বুলি অৱগত হৈ ক্ষোভিত হৈ পৰিছে কৰ্মচাৰীসকল ।
কৰ্তৃপক্ষই এনে হঠকাৰী সিদ্ধান্ত যদি শীঘ্ৰে বাতিলৰ ব্যৱস্থা নকৰে তেতিয়া হ’লে অনাগত সময়ত জংগী আন্দোলনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰে ।
লগতে পঢ়ক: পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবীত ৰাজ্য়জুৰি অৱস্থান ধৰ্মঘট