তিতাবৰত পিতৃৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি নিৰ্বাচনী ৰণশিঙা বজালে গৌৰৱ গগৈয়ে - election campaign of gaurav gogoi
🎬 Watch Now: Feature Video
Published : Mar 15, 2024, 7:08 PM IST
তিতাবৰ/যোৰহাট, ১৫ মাৰ্চ: আঠখেলীয়া নামঘৰৰ লগতে বিভিন্ন ধৰ্মীয় অনুষ্ঠানত সেৱা লৈ তিতাবৰৰ নিজগৃহৰ পৰা গৌৰৱ গগৈয়ে আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ । তিতাবৰৰ নিজাগৃহৰ পৰা নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাথী গৌৰৱ গগৈয়ে কয়," আজি মই পিতৃহাৰা হৈ প্ৰথমটো নিৰ্বাচনত অৱৰ্তীণ হ'বলৈ ওলাইছো । পিতৃৰ হাত মোৰ মুৰৰ ওপৰত নাই । মোৰ পিতৃ থকা হ'লে আজি সিংহৰ দৰে মোক পৰামৰ্শ আৰু নেতৃত্ব দিলেহেতেন । পিতৃৰ অনুপস্থিতিত মই প্ৰথমটো নিৰ্বাচনত অৱতীৰ্ণ হম ।"
গৌৰৱ গগৈক তিতাবৰ ডফলাটিং খেলপথাৰৰ পৰা এক বিশাল ৰেলীৰে উষ্ম আদৰণি জনায় তিতাবৰৰ কংগ্ৰেছ নেতা-কৰ্মীয়ে । তেওঁ তিতাবৰ ৰাজীৱ ভৱনত প্ৰয়াত পিতৃ তৰুণ গগৈৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি পিতৃৰ আশীৰ্বাদ লৈ এখন দলীয় সভাত অংশগ্ৰহণ কৰে । তেওঁ কয়," যিসকল কংগ্ৰেছ নেতা বিজেপিলৈ গ'ল তেওঁলোকে কংগ্ৰেছৰ মালটো খাই বিজেপিলৈ গ'ল ।" তেওঁ পুনৰ কয়," মই হিতেন্দ্ৰ নাথ গোস্বামী, সুশান্ত বুঢ়াগোহাঁইৰ লগতে বিৰোধী কাকো সমালোচনা নকৰো । মই কথাৰে নহয় কামেৰে নিজৰ পৰিচয় দিম ।"
আনহাতে, প্ৰাৰ্থিত্ব নোপোৱাৰ বাবে কংগ্ৰেছ দল ত্যাগ কৰা আব্দুল খালেকৰ প্ৰসংগত গৌৰৱ গগৈয়ে কয়," আব্দুল খালেকৰ পদত্যাগে মোক দুঃখিত কৰি তুলিছে । " খালেকৰ পদত্যাগ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই গ্ৰহণ নকৰি তেওঁক বুজনি দিবলৈ প্ৰদেশ কংগ্ৰেছক আহ্বান জনায়। গৌৰৱ গগৈক এই প্ৰচাৰত সংগ দিয়ে বিধায়ক ভাস্কৰ বৰুৱা , বিধায়ক দেৱব্রত শইকীয়া আদিয়ে ।
লগতে পঢ়ক:বিজেপিৰ প্ৰাৰ্থী তালিকাক সমালোচনা গৌৰৱ গগৈৰ: ৰামেশ্বৰ তেলীৰ দুখ বুজি পায় গৌৰৱ গগৈয়ে